অসম

assam

সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত লোকসভাৰ অধ্যক্ষক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদৰ - Cabinet Minister Sarbananda Sonowal

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:08 PM IST

Cabinet Minister Sarbananda Sonowal: লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদৰ । দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা দলটোৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে । অসমৰ সাংসদসকলৰ সৈতে সৌহাৰ্দপূৰ্ণ বাৰ্তালাপতো মিলিত হয় অধ্যক্ষগৰাকী ।

NDA MPs from Assam meets Lok Sabha Speaker led by Sonowal
ওম বিৰলাক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদৰ (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন: শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএৰ সাংসদসকলে সংসদ ভৱনত সাক্ষাৎ কৰি উষ্ম অভিনন্দন জ্ঞাপন কৰে । লগতে লোকসভাৰ অধ্যক্ষগৰাকীৰ লগত অসমৰ সাংসদসকলে সৌহাৰ্দপূৰ্ণ বাৰ্তালাপতো মিলিত হয় । এখনি ফুলাম গামোচাৰে অধ্যক্ষ বিৰলাক সম্ভাষণ জনায় অসমৰ সাংসদ কেইগৰাকীয়ে ।

ওম বিৰলাক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদৰ (ETV Bharat Assam)

এই সাক্ষাতত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সোণোৱালে অসমৰ এনডিএৰ এইবাৰ নিৰ্বাচিত সাংসদসকলক অধ্যক্ষগৰাকীৰ সন্মুখত চিনাকি কৰাই দিয়ে । ৰাজস্থানৰ কোটা সমষ্টিক প্ৰতিনিধিত্ব কৰা ওম বিৰলা যোৱা ২৬ জুনত অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ নিৰ্বাচিত হৈছিল ।

অসমৰ এনডিএৰ সাংসদৰ প্ৰতিনিধিৰ দলটোত দলটোত সৰ্বানন্দ সোণোৱালৰ ওপৰিও বিজেপিৰ পৰিমল শুক্লবৈদ্য, কামাখ্যা প্ৰসাদ তাছা, বিজুলী কলিতা মেধি, ৰঞ্জিত দত্ত, দিলীপ শইকীয়াৰ লগতে ইউপিপিএলৰ জয়ন্ত বসুমতাৰীক দেখা যায় ৷ অৱশ্যে ডিফুৰ সাংসদ বিজেপিৰ অমৰ সিং টিছ’ৰ উপৰিও বঙাইগাঁৱৰ সাংসদ অগপৰ ফণীভূষণ চৌধুৰীকো লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আজি সাক্ষাৎ কৰা দলটোত দেখা পোৱা যায় ।

ওম বিৰলাক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

উল্লেখ্য যে, বুধবাৰে নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ প্ৰাৰ্থী তথা কোটাৰ সাংসদ ওম বিৰলাক ১৮ সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় । লোকসভাৰ অধ্যক্ষ পদৰ বাবে ধ্বনিভোটৰ জৰিয়তে নিৰ্বাচিত কৰা হয় ওম বিৰলাক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা প্ৰস্তাৱক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমৰ্থন কৰাৰ পাচত সদনে ধ্বনিভোটৰ জৰিয়তে ভোটদান কৰে ।

লগতে পঢ়ক:ধ্বনিভোটৰ জৰিয়তে লোকসভাৰ অধ্যক্ষ পদত নিৰ্বাচিত ওম বিৰলা - Lok Sabha Speaker election

আজি নিৰ্ণয় হ’ব লোকসভাৰ অধ্যক্ষ : ওম বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কে সুৰেশৰ - Lok Sabha Speaker election

ABOUT THE AUTHOR

...view details