নগাঁও,৬ এপ্ৰিল :ই টিভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ এক বিশেষ সাক্ষাৎকাৰ । ই টিভি ভাৰতৰ সৈতে সেই সাক্ষাৎকাৰত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ সৈতে ককাই-ভাইৰ দৰে সম্পৰ্ক থকা বুলি মন্তব্য কৰিছিল সুৰেশ বৰাই । আনকি ৰকিবুল হুছেইনেই সুৰেশ বৰাক ৰাজনীতিত প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰি ধুবুৰীৰ পৰা জয়ী হৈ সাংসদলৈ নিৰ্বাচিত হ'ব বুলি আশা প্ৰকাশ কৰি হুছেইনেক শুভেচ্ছাও জনাইছিল বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।
কিন্তু মাত্ৰ ৪-৫ দিন পিচতেই হঠাৎ ৰকিবুল হুছেইনক লৈ সুৰ সলনি হ'ল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ । শুকুৰবাৰে নিশা নিজা বাসভৱনত হঠাৎ সংবাদ মাধ্যমক সম্বোধন কৰি এইবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে সুৰেশ বৰা । ইফালে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ পাপ থকাৰ বাবেই বিগত তিনিটাকৈ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ পিচতো বিধানসভাত সুৰেশ বৰা জয়ী হ’ব পৰা নাই বুলি ৰকিবুল হুছেইনে কৰি অহা কটাক্ষৰ অৱশেষত প্ৰত্যুত্তৰ দিলে সুৰেশ বৰাই ।