অসম

assam

ETV Bharat / politics

তাঞ্জিল মাৰ্বল খেলা বয়সৰ এটা ল'ৰা: কাৰ কটাক্ষ এয়া ? - BYE ELECTION 2024

চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত নামিছে মুফতি মুকিবুৰ ৰহমান । তাঞ্জিলক মাৰ্বল খেলা বয়সৰ ল'ৰাৰ সৈতে তুলনা ।

Mukibur Rahman campaigning for Ulema Council candidate Rabbul Haque in Samguri
নিৰ্বাচনী প্ৰচাৰত নামিছে মুফতি মুকিবুৰ ৰহমান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 9:51 PM IST

Updated : Nov 5, 2024, 10:41 PM IST

নগাঁও:ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে । ইয়াৰ মাজতে চামগুৰি সমষ্টিৰ প্ৰচাৰত এন্ট্ৰি মাৰিছে এগৰাকী ইছলামিক ধৰ্মগুৰুৱে । সমগ্ৰ ৰাজ্যতে চৰ্চা লাভ কৰা ইছলামিক ধৰ্মগুৰু মুফতি মুকিবুৰ ৰহমানৰ নেতৃত্বত এটা মৌলনাৰ দলে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ।

ইতিমধ্যেই চামগুৰিত বাহৰ পাতি সমষ্টিটোৰ উলেমা কাউঞ্চিলৰ প্ৰাৰ্থী ৰাব্বুল হ'কৰ হৈ চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাইছে মুফতি মুকিবুৰ ৰহমানে । ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বিশেষকৈ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ লগতে তাঞ্জিলৰ পিতৃ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মুফতি মুকিবুৰ ৰহমানে । চামগুৰি সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক মাৰ্বল খেলা বয়সৰ ল'ৰাৰ সৈতে তুলনা কৰিলে মুফতি মুকিবুৰ ৰহমানে ।

তাঞ্জিল মাৰ্বল খেলা বয়সৰ এটা ল'ৰা: মুকিবুৰ ৰহমান (ETV Bharat Assam)

আনকি সুদীৰ্ঘ সময় চামগুৰি সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনে সমষ্টিটোৰ কোনো উন্নয়ন সাধন নকৰাৰ অভিযোগ উত্থাপন কৰে মুফতিগৰাকীয়ে । পোন্ধৰ বছৰ মন্ত্ৰী হৈ থকাৰ পাছতো সংখ্যালঘু লোকৰ উন্নয়নৰ বাবেও ৰকিবুল হুছেইনে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰি ই টিভি ভাৰতৰ সন্মুখত মুফতি মুকিবুৰ ৰহমানৰ মন্তব্য,"বিগত তৰুণ গগৈ মন্ত্ৰীসভাত ৰকিবুল হুছেইন গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থকা সময়তে অসমৰ দৰং, ওদালগুৰি, কোকৰাঝাৰ আদি এলেকাত সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ ।"

আনকি সোণাপুৰত হোৱা উচ্ছেদৰ সময়ত ৰকিবুল হুছেইনক খবৰ দিয়াৰ পাছতো উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদিত লোকৰ খবৰ ল'বলৈ ৰকিবুল হুছেইন উপস্থিত নোহোৱা বুলিও মন্তব্য কৰে মুফতি মুকিবুৰ ৰহমানে । চামগুৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা মুফতি মুকিবুৰ ৰহমানে নিজকে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ লগতে কংগ্ৰেছৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক থকা বুলিও দাবী কৰে । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে মুফতি মুকিবুৰ ৰহমানৰ নেতৃত্বত উপস্থিত হোৱা দলে চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই কেৱল সংখ্যলঘু ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:ৰকিবুলৰ পুত্রৰ বিৰুদ্ধে চামগুৰিত ৭ নৱেম্বৰত ৰণদুন্দুভি বজাব মুখ্যমন্ত্রীয়ে, পাঁচটা সমষ্টিতে চলাব প্ৰচাৰ

চামগুৰিত কংগ্ৰেছৰ পৰিবৰ্তে এইবাৰ বিজেপিক সমৰ্থন আলিম সমাজৰ

Last Updated : Nov 5, 2024, 10:41 PM IST

ABOUT THE AUTHOR

...view details