নগাঁও:ৰাজ্যৰ মুঠ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈয়ো তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ । সমষ্টিটোৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পৰিৱৰ্তে প্ৰায়েই সংবাদমেল সম্বোধন কৰি আহিছে তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে ।
শনিবাৰেও নগাঁওস্থিত নিজা বাসভৱনত পুনৰ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে । বিগত দিনকেইটাত সংবাদমেলত কৰি অহা প্ৰায় একেখিনি অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰে ৰকিবুল হুছেইনে ।
সংবাদমেল সম্বোধন কৰি আৰক্ষী, নিৰ্বাচন আয়োগে অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰা, স্মাৰ্ট মিটাৰ আদি প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো উভতি ধৰে ৰকিবুল হুছেইনে । পুনৰ এবাৰ কংগ্ৰেছী বিধায়কৰ বাহনত কৰা আক্ৰমণৰ প্ৰসংগও উত্থাপন কৰি এজাহাৰ দিয়াৰ পাছতো নগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।