নগাঁও:ভোটগণনাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে নেকি ৰকিবুল হুছেইনে ? বুধবাৰে ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতেই সংবাদমেল আয়োজন কৰি ব্যাপক ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ । ১৬ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী তেওঁৰ ।
নিজা বাসভৱনত সংবাদমেলৰ আয়োজন কৰি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ব্যাপক হাৰত ৰিগিং হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনে কয় যে বিধায়ক জিতু গোস্বামী আৰু বিজেপি নেতা সুৰেশ বৰাৰ নেতৃত্বত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত সমষ্টিটোৰ ১৬ টা ভোটকেন্দ্ৰত ব্যাপক হাৰত ৰিগিং হৈছে ৷ উক্ত কেন্দ্ৰকেইটাত পুনৰ ভোটগ্ৰহণৰো দাবী উত্থাপন কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে ।
পৰাজয় স্বীকাৰ কৰিলে নেকি ৰকিবুল হুছেইনে ? (ETV Bharat Assam) ভয় ভাবুকিৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চামগুৰিৰ উপ-নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব বিচৰাৰ কথাও উল্লেখ কৰি ভোটগ্ৰহণৰ আগনিশা ৰকিবুল হুছেইনৰ নগাঁওস্থিত বাসগৃহত এটা দল উপস্থিত হৈ তেওঁক হত্যাৰ ভাবুকিৰে অশ্লীল গালি পৰাৰো এটা ভিডিঅ সংবাদমেলত প্ৰদৰ্শন কৰে সাংসদগৰাকীয়ে ৷ জীয়াই থকাৰ তাড়নাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ নিশাই বিনয়েৰে বাৰ্তা প্ৰেৰণ কৰা বুলিও সংবাদমেলত সদৰী কৰে ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ লাজ নথকা বুলিও কটাক্ষ কৰি কেৱল ক্ষমতাৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও মন্তব্য কৰে একালৰ বন্ধু ৰকিবুল হুছেইনে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলৈ ভয় নকৰে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ সকলো কূ-কীৰ্তিৰ বিৰুদ্ধে সাহসেৰে যুঁজি যোৱাৰো হুংকাৰ প্ৰদান কৰে ৰকিবুল হুছেইনে । উচ্চ ন্যায়লয়ৰ এক শপতনামা হাতত মজুত থকাৰ কথাও উল্লেখ কৰি সাংসদত ক্ৰমান্বয়ে এটা এটাকৈ ফাদিল কৰাৰো হুংকাৰ দিয়ে ৰকিবুল হুছেইনে ।
আনহাতে, উপ-নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ শেষ হোৱাৰ পাছতো মাজনিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কলযোগে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই সাংসদ ৰকিবুল হুছেইনে ।