অসম

assam

ভোজন মন্ত্ৰৰে ৰাজ্যসভাত ভাষণ আৰম্ভ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 9:24 PM IST

Pabitra Margherita news: আহাৰ অপচয়ক লৈ সজাগতা সৃষ্টিৰ আহ্বান সাংসদ মাৰ্ঘেৰিটাৰ ৷ ৰাজ্যসভাৰ শূন্যকালীন ঘন্টাত সংস্কৃত শ্লোকেৰে আৰম্ভ কৰিলে ভাষণ ।

mp pabitra margherita Raises the issue of food wastage in rajya sabha
সাংসদ মাৰ্ঘেৰিটা

সাংসদ মাৰ্ঘেৰিটাৰ বক্তব্য

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : ৰাজ্যসভাত এক সাৰ্বজনীন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মঙলবাৰে সৰৱ হৈ উঠে অসমৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা । মঙলবাৰে ৰাজ্যসভাৰ শূন্যকালীন ঘন্টাত আহাৰ অপচয়ৰ দৰে এক সংবেদনশীল বিষয়ক লৈ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । সংস্কৃত শ্লোকেৰে সাংসদগৰাকীয়ে নিজৰ ভাষণ আৰম্ভ কৰে ৷

সংস্কৃতত ভোজন মন্ত্ৰ পৰিৱেশন কৰি তেওঁ কয় যে, ভাৰতবৰ্ষত প্ৰতি বছৰে বিভিন্ন কাৰণত প্ৰায় ৬.৮৭ কোটি টন আহাৰ অপচয় হয় অৰ্থাৎ প্ৰতিগৰাকী নাগৰিকে প্ৰতি বছৰে প্ৰায় ৫০ কিল’গ্ৰাম আহাৰ অপচয় কৰে । আপাত দৃষ্টিত ভাৰতবৰ্ষত প্ৰতি বছৰে অপচয় হোৱা আহাৰৰ বাবদ প্ৰায় ৮৯,০০০ কোটি টকা অপচয় হয় যিটো ভাৰতবৰ্ষৰ বাবে বাৰ্ষিক জিডিপি-ৰ প্ৰায় ১ শতাংশ বুলিও সাংসদগৰাকীয়ে UNDP-ৰ খাদ্য অপচয় সূচাংক ৰিপ'ৰ্টৰ উদ্ধৃতি দি উল্লেখ কৰে ।

বিজেপিৰ সাংসদগৰাকীয়ে লগতে কয় যে, ভাৰতীয় সাংস্কৃতিক পৰম্পৰা অনুসৰি আহাৰ গ্ৰহণ কৰাটো এক মহত্বপূৰ্ণ সংস্কাৰ । আজি সদনত সাংসদগৰাকীয়ে খাদ্য অপচয় হ্ৰাস কৰাৰ অৰ্থে বিদ্যালয় পৰ্যায়ত সৰ্বজনীন সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে । উল্লেখ্য যে, সাংসদগৰাকীয়ে উত্থাপন কৰা এই সংবেদনশীল বিষয়টোক দহগৰাকীৰো অধিক সাংসদে লিখিতভাৱে সমৰ্থন জনায় ।

ইয়াৰ পূৰ্বেও ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাজ্যসভাত নিজৰ মত স্পষ্টকৈ উত্থাপন কৰিছিল ৷ উজনি অসমৰ অন্যতম বিমান বন্দৰ ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে নামকৰণৰ বাবে দেশৰ উচ্চ সংসদত প্ৰস্তাৱ আগবঢ়াইছিল পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ ৰাজ্যসভাত চাওলুং ছ্যু-কা-ফাৰ বিষয়ে বিৱৰণ দাঙি ধৰিছিল তেওঁ ৷

লগতে পঢ়ক :ঋণ লোৱা আন ৰাজ্যৰে অসমৰ অৰ্থনৈতিৰ তুলনা অখিল গগৈৰ

ABOUT THE AUTHOR

...view details