অসম

assam

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 4:28 PM IST

ETV Bharat / politics

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখত কিয় "ময়ে ময়ে" গীতৰ প্ৰসংগ - Lok Sabha Election 2024

Jorhat lok sabha constituency : যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰসংগত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া ৷ সম্প্ৰতি কংগ্ৰেছ এখন ডুবন্ত নাও বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰি যোৰহাটৰ পৰা তপন গগৈয়ে নিৰ্বাচনত জয় লাভ কৰিব বুলি দাবী কৰে ৷

LOK SABHA ELECTION 2024
কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সমালোচনা বিধায়ক কুৰ্মীৰ (Source : Etv Bharat Assam)

যোৰহাট, 2 জুন :"ময়ে ময়ে বুলি এটা গান ওলাইছে, কংগ্ৰেছেও মই মই নীতিৰ বাবেই আজি নিঃশেষ হোৱাৰ পথত" এই ভাষ্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ ভোটগ্ৰহণৰ ফলাফল ঘোষণাৰ দুদিন পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে মুখৰ হৈ পৰিল মৰিয়নীৰ বিধায়কগৰাকী ৷ এইবাৰবিজেপিয়ে ৪০০ খনতকৈ অধিক আসন দখল কৰিব বুলি দাবী বিধায়কগৰাকীৰ ৷

যোৰহাটত বিশেষ কাৰ্যসূচীৰে উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী (Source : Etv Bharat Assam)

বিধায়ক কুৰ্মীয়ে দেওবাৰে যোৰহাটত সংবাদ মাধ্যম আগত নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব বুলি দাবী কৰে ৷ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধেও বিধায়কগৰাকীক সৰৱ হৈ পৰা দেখা যায় ৷ তেওঁ কয় যে, সম্প্ৰতি কংগ্ৰেছ এখন ডুবন্ত নাও ৷ একমাত্ৰ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, অসম কংগ্ৰেছৰ নেতৃত্ব তথা ৰাহুল গান্ধীৰ বাবে দলটো সমূলি বিনাশ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক:Exit Poll ৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ভৱিষ্যদ্বাণী, বিজেপিৰ আসন লাভ সন্দৰ্ভত কি ক’লে পি কেই ? - Lok Sabha Election 2024

নিৰ্বাচনৰ পূৰ্বে একাংশ বুদ্ধিজীৱী তথা সংবাদ মাধ্যমেহে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হ’ব বুলি প্ৰচাৰ আৰম্ভ কৰিছিল ৷ কিন্তু জাতি, মাটিক ভালপোৱা লোকসকলে নিৰ্বাচনত তপন গগৈক ভোট দিয়া বুলি দাবী কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

এগজিট প’লৰ সমীক্ষা প্ৰকাশৰ পিচতে ভোটগ্ৰহণৰ ফলাফল সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৰিয়নীৰ বিধায়কগৰাকীয়ে ৷ দেওবাৰে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত বিধায়কগৰাকীয়ে এনেদৰে কয় ৷

লগতে পঢ়ক:কম ভোটত হ'লেও জয়লাভ কৰিম: আপ প্ৰাৰ্থী মনোজ ধানোৱাৰ - Lok Sabha Election 2024

বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বিধায়ক কুৰ্মীয়ে কংগ্ৰেছে সদায় ভয়-ভাবুকিৰে ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰে ৷ তাৰ পৰিৱৰ্তে বিজেপিয়ে শান্তিৰ বাতাবৰণ সৃষ্টি কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে ৷ যাৰবাবে পৰৱৰ্তী সময়ত ৰাইজে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ বিচৰা বুলিও কুৰ্মীয়ে কয় ৷

পুনৰবাৰ তেওঁ যোৰহাট সমষ্টিৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰি কয় যে, সমষ্টিটোৰ পৰা তপন গগৈয়ে অতি কম ভোটৰ ব্যৱধানত জয় লাভ কৰিব ৷ প্ৰায় 20 হাজাৰ ভোটৰ ব্যৱধানত গৌৰৱ গগৈক হৰুৱাই সমষ্টিটোৰ সাংসদৰ দায়িত্ব তপন গগৈয়ে পালন কৰিব বুলিও বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক:যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ? - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details