গুৱাহাটী, ১১ ফেব্ৰুৱাৰী:অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী অসুস্থ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অগপৰ দ্বাদশ কেন্দ্ৰীয় অধিৱেশন চলি থকাৰ সময়তে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে দলটোৰ জ্যেষ্ঠ নেতাগৰাকী ।
উল্লেখ্য যে অসম গণ পৰিষদৰ দ্বাদশ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে শনিবাৰে নিশা অনুষ্ঠিত হয় দলটোৰ কাৰ্যনিৰ্বাহক সভা । দলৰ কাৰ্যনিৰ্বাহক সভাৰ দিনাই অৰ্থাৎ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক ।
জ্বৰত আক্ৰান্ত হোৱা ফণীভূষণ চৌধুৰী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । চিকিৎসকে জনোৱা মতে পূৰ্বৰ তুলনাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে 2019 চনতো তেওঁ হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হস্পিতালত ভৰ্তি হৈছিল ।