বৰপেটা, 29 এপ্ৰিল: তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জোৰদাৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে ৷ কি শাসক, কি বিৰোধী সমানে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷
সোমবাৰে বিধায়ক আশ্ৰাফুল হুছেইনে বৰপেটা জিলাৰ চেঙাৰ ভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে ৷ বিধায়কগৰাকীয়ে ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ-ৰ নিৰ্বাচনী প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ এই প্ৰচাৰত অংশগ্ৰহণ কৰে ৷
চেঙাৰ মাজদিয়া, খংৰা আদিত দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়কগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷ তেওঁ ক্ষুৰধাৰ বাক্যবাণেৰে কংগ্ৰেছৰ হাত মুছলমানৰ তেজেৰে ৰাঙলী বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ তদুপৰি কংগ্ৰেছে এ আই ইউ ডি এফৰ বাবে ডিটেনছন কেম্প নিৰ্মাণ, তেওঁলোকক বিদেশী বুলি জাননী প্ৰেৰণ কৰাৰ দৰে কাৰ্যসমূহো কৰিছিল বুলি কঠোৰ সমালোচনা কৰে ৷
ইফালে এই নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত ৰাইজক ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বৃহত্তম দলং নিৰ্মাণ, ৰূপসীত বিমানবন্দৰ নিৰ্মাণ আদিৰ দৰে কাৰ্যৰ কৃতিত্ব বদৰুদ্দিন আজমলৰ বুলি উল্লেখ কৰে ৷ সমষ্টিটোৰ তৰফৰ পৰা আজমলক সৰ্বাধিক ভোটপ্ৰদান কৰি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনাই বিধায়ক হুছেইনে ৷
বিশেষকৈ ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সম্প্ৰদায়টোৰ ধৰ্মীয় অনুষ্ঠান, মাদ্ৰাছা আদিত চলোৱা হাতোৰা ৰুদ্ধ কৰাৰ বাবে আজমলক নিৰ্বাচিত কৰাৰ প্ৰয়োজন ৷ গতিকে ধুবুৰীৰ পৰা চতুৰ্থবাৰৰ বাবে সাংসদৰ পদত বদৰুদ্দিন আজমলক নিৰ্বাচিত কৰাতো অতি প্ৰয়োজন ৷ বিশেষকৈ ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ সমষ্টি ধুবুৰীৰ পৰা সৰ্বাধিক ভোটত আজমলক জয়ী কৰিবলৈ ৰাইজলৈ আহ্বান আশ্ৰাফুল হুছেইনৰ ৷
তেওঁ ধুবুৰীৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধেও সৰৱ হৈ পৰা দেখা যায় ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত তেওঁ কয় যে, গোষ্ঠী সংঘৰ্ষৰ অন্যতম নায়ক ৰকিবুল হুছেইনক ৰাইজে নিঃসন্দেহে প্ৰত্যাখ্যান কৰিব ৷ বিগত 2010 চনৰ 21 জুলাইত এন আৰ চি-ৰ নামত চাৰিজনকৈ লোকক গুলিয়াই হত্যা কৰাৰ সময়ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল ৷ 2011 চনত বিটিএডিৰ বাঁহবাৰীত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়তো কিন্তু ভূক্তভোগীৰ ওচৰত ত্ৰাণকৰ্তাৰ ৰূপত ঠিয় হৈছিল আজমল ৷
একে সময়তে ৰকিবুল হুছেইন গৈছিল লণ্ডন অলিম্পিকৰ দৰ্শক হ’বলৈ ৷ গতিকে ন্যায় নোপোৱা এই লোকসকলে কোনো কাৰণতে আন প্ৰাৰ্থীক ভোট দিয়াৰ কথাই নাহে বুলি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে উপস্থিত ৰাইজৰ আগত মন্তব্য কৰে ৷ ধুবুৰীত আজমল একক আৰু অদ্বিতীয় ৷ তেওঁৰ প্ৰতিদ্বন্দ্বিতা কাৰো সৈতে নহয় বুলিও বিধায়কগৰাকীয়ে দাবী কৰে ৷
লগতে পঢ়ক:কোলাত কেঁচুৱা থকা মহিলাক ৰোড শ্ব’ৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - LOK SABHA ELECTION 2024
খোৱাঙত দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি সৰ্বানন্দ সোণোৱালৰ - Lok Sabha Election 2024