বৰপেটাৰোড, ৩১ মাৰ্চ:" বৰপেটা লোকসভা সমষ্টিত চিপিআই (এম) জয়ী হ'লে মই এখন হাত কাটি দিম ।"এই মন্তব্য় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । আজি বৰপেটাৰোডস্থিত তেওঁৰ বাসগৃহৰ সন্মুখত বুথৰ পতাকা উত্তোলনৰ এক কাৰ্যসূচীত অংশ লৈ এইদৰে মন্তব্য় কৰে । তেওঁ চিপিআই (এম)ৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয় যে বৰপেটা লোকসভা সমষ্টিত চিপিআই (এম)এ জয়ী হ'বলৈ গছৰ পাতে ভোট দিব লাগিব । বৰপেটাত চি পি আই (এম) এক নম্বৰত থাকিবলৈ হ'লে গছৰ তামোল,নাৰিকল আৰু পাতেও ভোট দিব লাগিব বুলি কটাক্ষ কৰে ।
ইপিনে, বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত অসমত লাভ কৰিবলগীয়া আসন সন্দৰ্ভতো মন্তব্য় কৰে । তেওঁ কয় যে পূৰ্বৰ ধাৰা মতে অসমত বিজেপিয়ে ১১ খন আসনত জয়ী হোৱাটো নিশ্চিত ৷ ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও এই তিনিটাকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ মানুহে মোদীৰ বিভিন্ন উন্নয়নমূলক আচঁনি লাভ কৰিছে ৷ সেয়ে যদি মোদীৰ ' চব কা চাথ, চব কা বিকাশ',' চব কা বিশ্বাস, চব কা প্ৰয়াস'ত যদি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে মোদীৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি বিবেক ভোট দিয়ে তেন্তে বিজেপিয়ে ১৩ খন আসন লাভ কৰিব । আৰু অকৃতজ্ঞ হৈ যদি বিজেপিক ভোট নিদিয়ে তেন্তে কবলগীয়া একো নাই বুলি কয় মন্ত্ৰী গৰাকীয়ে ।