ওদালগুৰি, ২৯ ছেপ্টেম্বৰ :ৰৌতাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰীয়ম খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ৷ অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দর্ভত মল্লিকাৰ্জুন খাৰ্গেৰ পুক্ৰ প্ৰীয়ম খাৰ্গেই কৰা মন্তব্যক অসমবিৰোধী আখ্যা পীযুষ হাজৰীকাৰ ৷
মন্ত্ৰী হাজৰীকাই কয়, ‘‘কংগ্ৰেছী পিতা-পুত্ৰ পূৰ্বৰে পৰাই অসমবিৰোধী ৷ বাৰম্বাৰ কংগ্ৰেছে অসমক অপমান কৰাটো নতুন কথা নহয় ৷ ড৹ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়তো বিপৰীত মেৰুত অৱস্থান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ এগৰাকী মন্ত্ৰী হৈ প্ৰীয়ম খাৰ্গেই আন ৰাজ্যৰ প্ৰতি কৰা এনে অপমানজনক কার্য দুর্ভাগ্যজনক ৷’’
ইফালে, ছেমি কণ্ডাক্টৰ প্ৰজেক্ট সন্দর্ভত প্ৰীয়ম খাৰ্গেই কৰা মন্তব্যৰ তথ্য-প্ৰমাণ সাংসদ গৌৰৱ গগৈয়ে বিচৰাক লৈ ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কৰ্ণাটকৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ প্ৰীয়ম খাৰ্গেই নিজৰ X হেণ্ডেলৰ পৰা কৰা মন্তব্যৰ গৌৰৱ গগৈয়ে তথ্য প্ৰমাণ বিচৰা কথাত ক্ষোভ প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ ৷