অসম

assam

ETV Bharat / politics

ডাঙুৱাপাৰত ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - LOK SABHA ELECTION 2024

Minister Chandra Mohan Patowary : কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ সমীপৱৰ্তী বানেকুছিৰ ডাঙুৱাপাৰাৰ ৮১৩ নং আদৰ্শ এম ই স্কুলৰ ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি এয়া দলবিৰোধী কাৰ্য বুলি মতামত প্ৰকাশ কৰে ৷

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:20 PM IST

LOK SABHA ELECTION 2024
চন্দ্ৰমোহন পাটোৱাৰী (Etv Bharat Assam)

চন্দ্ৰমোহন পাটোৱাৰী (ETV BHARAT ASSAM)

নলবাৰী, 7 মে’:নলবাৰী জিলাতো বহুকেইগৰাকী ৰাজনৈতিক নেতাই সাব্যস্ত কৰে ভোটাধিকাৰ ৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সাংসদ দিলীপ শইকীয়াৰ উপৰিও ভোটদান কৰে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সমীপৱৰ্তী বানেকুছিৰ ডাঙুৱাপাৰাৰ ৮১৩ নং আদৰ্শ এম ই স্কুলৰ ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ প্ৰতিকূল বতৰৰ পিছত বতৰ ফৰকাল হোৱাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে ভোটাৰ ৰাইজ ৷ ইয়াকে লৈ যথেষ্ট সুখী অনুভৱ কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷

ভোটাধিকাৰ সাব্যস্ত কৰি মন্ত্ৰী গৰাকীয়ে সকলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ তেওঁ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰসংগত মতামত ব্যক্ত কৰি কয় যে, তৃতীয় তথা অন্তিম পৰ্যায়ৰ এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰিব চাৰিখনৰ তিনিখনকৈ আসন ৷ ইয়াৰ বিপৰীতে এখন আসনৰ বাবে অনুষ্ঠিত হ’ব তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা ৷ ধুবুৰীক বাদ দি বাকী সমষ্টিত গেৰুৱা দলটোৰ সহজ জয় হ’ব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷

ইফালে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আগবঢ়োৱা মন্তব্যক সহজভাৱে গ্ৰহণ কৰা নাই কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ এই সন্দৰ্ভত কয় যে, অশোক শৰ্মাই সম্পূৰ্ণ দল বিৰোধী মন্তব্য কৰিছে ৷ যি মুঠেও গ্ৰহণযোগ্য নহয় ৷ এগৰাকী জ্যেষ্ঠ বিজেপিয়ে কৰা এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি তেওঁ প্ৰকাশ কৰে ৷

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, অশোক শৰ্মাই কোৱাৰ দৰে ৰাষ্টা-ঘাটৰ উন্নয়ন মানেই ৰাজ্যৰ উন্নয়ন নোহোৱা বুলি কোৱা কথাটো কোনোপধ্যেই মানি ল’ব নোৱাৰি ৷ কিয়নো এখন ৰাজ্যৰ যাতায়াতৰ মাধ্যম উন্নত নহ’লে, বহিৰাজ্যৰ সৈতে কোনোধৰণে সংযোগ স্থাপন কৰিব নোৱাৰি ৷ গতিকে ৰাষ্টা-ঘাটৰ উন্নয়ন নিতান্তই প্ৰয়োজনীয় ৷

তদুপৰি চৰকাৰে ধাৰ লোৱাৰ প্ৰসংগত তেওঁ কয় যে, এখন ৰাজ্যৰ জিডিপিৰ ওপৰত নিৰ্ভৰ কৰি ঋণ প্ৰদান কৰা হয় ৷ যদিহে অসমৰ জিডিপি আজি উন্নত নহ’লহেতেন, তেন্তে ৰাজ্যখনে কেতিয়াও ঋণ ল’ব নোৱাৰিলেহেঁতেন ৷

লগতে পঢ়ক:ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details