অসম

assam

ETV Bharat / politics

আগষ্টত কংগ্ৰেছে দিব চমক ! বিজেপি-অগপৰ কোনে কোনে যোগ দিব কংগ্ৰেছত ? - Assam Political updates

Senior BJP leaders of Assam: অতিশীঘ্ৰেই অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক ধুমুহা হোৱাৰ আশংকা বৃদ্ধি পাইছে ৷ বিজেপি এৰি কেবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলিছে ৷ কোন কোন যাব কংগ্ৰেছলৈ ? চাওক সবিশেষ...

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:28 PM IST

Senior BJP leaders of Assam
ASSAM POLITICAL UPDATES (ETV Bharat Assam)

গুৱাহাটী, ১১ জুলাই:২০২৬ ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক বাৰুকৈয়ে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছ দল । লোকসভা নিৰ্বাচনৰ পূৰ্বে দেখা গৈছিল যে কংগ্ৰেছৰ পৰা নেতা-পালিনেতাৰ বিজেপিলৈ যোগদানৰ সোঁত বৈছিল । এতিয়া বিজেপি আৰু বিজেপিৰ মিত্ৰদলৰ পৰা একাংশ নেতাক যোগদান কৰাবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছ । বিজেপি এৰি কংগ্ৰেছলৈ আহিব একাংশ বিজেপি নেতা । পদুমৰ ঠাৰি এৰি হাতৰ আশ্ৰয় ল’ব কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ বিজেপি নেতাই ৷ সকলো ঠিকে থাকিলে অহা ৯ আগষ্টত কংগ্ৰেছে ৰাজীৱ ভৱনত আদৰিব বিজেপি আৰু বিজেপিৰ মিত্ৰদলৰ একাংশ নেতাক ৷ ঘটিব এক বৃহৎ ৰাজনৈতিক ওলট-পালট ৷

বিজেপিৰ কোন কোন যাব কংগ্ৰেছলৈ ?

বিজেপিৰ পৰা কংগ্ৰেছলৈ কোন কোন বিজেপি নেতা যাব বিচাৰিছে ? একেবাৰে চমু নহয় এই তালিকা । চৰ্চাত আছে বিজেপিৰ বহু নেতাৰ নাম । তালিকাত আছে বিজেপিত অৱহেলিত অনুভৱ কৰা প্ৰবীণ বিজেপি নেতাৰ নাম ৷ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰি আশা কৰা ধৰণে গুৰুত্ব নোপোৱা বহু নেতায়ো এতিয়া পুনৰ কংগ্ৰেছলৈ আহিবলৈ তৎপৰতা বৃদ্ধি কৰিছে ।

অশোক শৰ্মাৰ সাম্ভাৱ্য কংগ্ৰেছ গমন:

কংগ্ৰেছমুখী বিজেপি নেতাৰ তালিকাৰ চৰ্চাৰ শীৰ্ষত আছে প্ৰবীণ বিজেপি নেতা, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ নাম ৷ বৰ্তমানৰ বিজেপি নেতৃত্বৰ সৈতে মতানৈক্য তুংগত আছে অশোক শৰ্মাৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লোকসভা নিৰ্বাচনৰ সময়ত সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল । কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ তথ্য অনুসৰি অশোক শৰ্মাই যোগদান কৰাৰ সম্ভাৱনা ৷

কেৱল অশোক শৰ্মাই নহয়, ছিপাঝাৰৰ প্ৰাক্তন বিজেপি বিধায়ক বিনন্দ শইকীয়া, বৈঠালাংচ’ৰ প্ৰাক্তন বিধায়ক মানছিং ৰংপীয়েও কংগ্ৰেছত যোগদান কৰিব । অগপৰ নেতা তথা কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ চূড়ান্ত অনুমোদন পালেই হ’ব এই যোগদান ।

উল্লেখযোগ্য যে বিনন্দ শইকীয়া আৰু মানছিং ৰংপী দুয়োগৰাকী এসময়ত আছিল কংগ্ৰেছ বিধায়ক ৷ একদৰে সত্যব্ৰত কলিতা আছিল কমলপুৰৰ পৰা অগপৰ বিধায়ক । যোৱাটো বিধানসভা নিৰ্বাচনত অগপ নেতৃত্বই কলিতাক বঞ্চিত কৰি মিত্ৰদল বিজেপিক কমলপুৰ সমষ্টি এৰি দিছিল । কলমপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়কৰূপে জয়লাভ কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুগত বুলি পৰিচিত দিগন্ত কলিতা । সেয়ে, নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ বাবে তৎপৰতা চলোৱাটো তেনেই স্বাভাৱিক । আনহাতে কমলপুৰ সমষ্টিত এতিয়া বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিব পৰাকৈ সত্যব্ৰত কলিতাৰ দৰে এখন পৰিচিত অভিজ্ঞ মুখৰ নেতাৰ প্ৰয়োজন কংগ্ৰেছক৷

প্ৰফুল্ল মহন্তৰ পুত্ৰয়ো ধৰিব হাতত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপেও কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা ৷ বঢ়মপুৰ সমষ্টিত কংগ্ৰেছক নেতৃত্ব দিয়া সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ পিচত সমষ্টিটোত কংগ্ৰেছ দলকো নিৰ্বাচন খেলিব পৰাকৈ এজন নেতাৰ প্ৰয়োজন ৷ আনহাতে প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালৰ অগপৰ সৈতে দূৰত্ব দিনক দিনে বৃদ্ধি হৈ আহিছে ৷ শ্যামন্ত কাশ্যপেও বঢ়মপুৰত নিজৰ তৎপৰতা শেহতীয়াকৈ বৃদ্ধি কৰা দেখা গৈছে ।

ৰিপুন বৰাৰ সাম্ভাৱ্য প্ৰত্যাৱৰ্তন:

কংগ্ৰেছলৈ উভতি আহিব তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাও ! ৰাজ্যসভা নিৰ্বাচনত দলীয় তিক্ত অভিজ্ঞতাৰ পিচত কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া ৰিপুন বৰাৰ কংগ্ৰেছত পুনৰ যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছ নেতৃত্বও বৰাৰ বিষয়টোক লৈ আগ্ৰহী বুলি জানিব পৰা গৈছে ।

বিজেপি এৰিব ৰাজেন গোঁহায়ে !

বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা ৰাজেন গোঁহাইৰ ৷ পোনপটীয়াভাৱে কংগ্ৰেছত যোগদান কৰিব বিচৰা নাই পুৰণি বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে ৷ সেয়ে কংগ্ৰেছৰ সৈতে যোগাযোগত থাকিলেও নিজৰ পুৰণি ৰাজনৈতিক ভেটি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদতহে যোগদান কৰিব বিচাৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে ৷

সুখৰ দিনত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজেন গোঁহাই (Social Media)

কংগ্ৰেছৰ দুৱাৰ বন্ধ একাংশ ন-বিজেপিৰ বাবে:

লোকসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছক শ’লঠেকত পেলাই কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা বহুকেইজন নেতাই এতিয়া কংগ্ৰেছলৈ উভতি আহিব বিচাৰিছে বুলি সদৰী কৰিছে অসম কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই । বিজেপিত আশা কৰাৰ দৰে গুৰুত্ব লাভ নকৰাৰ বাবে কংগ্ৰেছলৈ উভতিবলৈ চেষ্টা চলাইছে কেইবাজনেও । কিন্তু এইসকলৰ বাবে দুৱাৰ বন্ধ বুলি মুকলিকৈ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

আন এক সূত্ৰত প্ৰকাশ পাইছে যে ৰাণা গোস্বামীৰ পৰা আৰম্ভ কৰি দাদু টায়েলৈকে একাংশ ন-বিজেপিয়ে আশা কৰা ধৰণে অলপো গুৰুত্ব লাভ কৰা নাই বিজেপিত ৷ সেয়ে পুনৰ কংগ্ৰেছলৈ উভতাৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে । কিন্তু বিজেপিলৈ যোৱা সকলক আদৰিবলৈ সাজু নহয় কংগ্ৰেছ দল ৷ সেয়ে ৯ আগষ্টত কোনে কোনে কংগ্ৰেছত যোগদান কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:

দলৰ হৈ কাম কৰাৰ ইচ্ছা নোহোৱা হৈছে অশোক শৰ্মাৰ - Ashok Sarma Controversy

ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024

শাসকীয় দলত থাকিলে সুবিধা হ'ব বুলিয়ে ৰাণা গোস্বামী বিজেপিলৈ গৈছে: ঘাটোৱাৰ

ABOUT THE AUTHOR

...view details