ডিব্ৰুগড়, 4 এপ্ৰিল: চমু চাপিছে লোকসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি । সমষ্টিটোত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসকীয় দলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
সমান্তৰালকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে আপে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে নৱগঠিত চাবুৱা-লাহোৱাল সমষ্টি অৰ্থাৎ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ কেবাটাও স্থানত প্ৰচাৰ চলালে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ।
প্ৰতিখন সভাতেই লুৰীণজ্যোতি গগৈক লৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ । এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে । বিজেপিয়ে ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজৰ মাজত ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰাৰ অভিযোগ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ ।