নেশ্যনেল ডেস্ক, ৩ মে':সকলো ৰহস্য তথা উৎকণ্ঠাৰ অন্ত পেলাই ২ মে'ৰ গভীৰ নিশা কংগ্ৰেছ দলে ৰায়বৰেলী লোকসভাৰ আসনৰ পৰা ৰাহুল গান্ধীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াত দীনেশ প্ৰতাপ সিঙক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে । আশা কৰা হৈছিল যে, গান্ধী পৰিয়ালৰ কোনো এজন প্ৰাৰ্থী কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব বা আন কোনোবা প্ৰাৰ্থীক সুযোগ দিব ।
এই আসনৰ ছবি স্পষ্ট হোৱাৰ পিছত শুকুৰবাৰে ৰায়বৰেলীৰ পৰা মনোনয়ন দাখিল কৰিবলৈ আহে কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী । পুৰণি পৰম্পৰা অনুসৰণ কৰি তেওঁ প্ৰথমে এলিফেণ্ট পাৰ্কত অৱস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত পূজা-অৰ্চনা কৰিব ৰাহুলে । পূজাৰ অন্তত ৰাহুল গান্ধীৰ কনভয় কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এলিফেণ্ট পাৰ্ক, ডিগ্ৰী কলেজ ছেক্সন হৈ মনোনয়ন দাখিলৰ স্থানত উপস্থিত হয় । ৰাহুল গান্ধীৰ লগতে ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, ৰবাৰ্ট ৱাদ্ৰা আৰু মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে ।
আনহাতে, বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙে ১০ বজাত বিজেপিৰ পুৰণি কাৰ্যালয়ৰ ছুপাৰ মাৰ্কেটত উপস্থিত হয় । ছুপাৰ মাৰ্কেটৰ পৰা ওলাই আহি এলিফেণ্ট পাৰ্ক, জে জে প্লাজা, ডিগ্ৰী কলেজ ছেক্সন হৈ মনোনয়নস্থলীত উপস্থিত হয় বিজেপি নেতাৰ কনভয় । বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙৰ লগতে উপস্থিত থাকে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ব্রিজেশ পাঠক । শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা দুয়োটা দলৰ প্রার্থীয়ে দাখিল কৰিছে মনোনয়ন ৷
কংগ্ৰেছৰ পৰা ৰাহুল গান্ধী আৰু বিজেপিৰ পৰা দীনেশ প্ৰতাপ সিঙৰ মনোনয়ন সন্দৰ্ভত ৰোড শ্ব’ৰ পৰিপ্ৰেক্ষিততো আৰক্ষী হাই এলাৰ্ট মুডত আছে । যান-জঁট সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবলৈ পথ নিৰ্ধাৰণ কৰা হৈছে । চি অ’ চি টি অমিত সিঙে নিজৰ অধীনষ্ঠসকলক যান-বাহন চলাচল কৰিব পৰা পথৰ বিষয়ে অৱগত কৰে । নিয়ন্ত্ৰণ ব্যৱস্থাটো কোনো ধৰণে যাতে বিঘ্নিত নহয়, তাৰ বাবে আৰক্ষী সষ্টম হৈ আছে ।