গুৱাহাটী, ৪ জুন :অৱশেষত খোল খালে ই ভি এম । লগে লগে আৰম্ভ হ'ল ফলাফলকলৈ উৎকণ্ঠা । আজি নিৰ্ণয় হ'ব গুৱাহাটী লোকসভা সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য । কোন যাব দিল্লীলৈ ? আজি বিয়লিলৈ সেয়া নিৰ্ণয় হ'ব । প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তিনিটা স্থানত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । কামৰূপ মহানগৰ জিলাত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ উপৰিও কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৮ বজাৰৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা । উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
ভোট গণনাৰ দিনটোতে পুৱাই মহানগৰীত দেখা গ’ল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ৷ কাউণ্টিং এজেণ্টে যাতে পৰিপাটিকৈ কামবোৰ আগবঢ়াই নিয়ে তাৰ আশা ব্যক্ত কৰে তেওঁ ৷ লগতে উল্লেখ কৰে যে পাঁচটা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব তেওঁ ৷ মনত উৎসাহ যোগাবলৈ তেওঁলোকৰ ওচৰলৈ যাব মীৰা বৰঠাকুৰ ৷ আত্মবিশ্বাস নাথাকিলে যুদ্ধলৈ যাবই নোৱাৰিব বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ৷ তেওঁ কয় যে যুদ্ধলৈ যাওতে আপুনি আত্মবিশ্বাসৰ সৈতে জয়ী হ’ম বুলিয়ে যাব লাগিব ৷ যুদ্ধ যেতিয়া কৰিব দুটা ফল হ’ব, হয় জয় নহয় পৰাজয়, এই মানসিকতাৰে তেওঁ ফলাফললৈ সাজু হৈ থকাৰ ইংগিত দিয়ে ৷
লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক-https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024
কামৰূপ মহানগৰ জিলাৰ ভোটগণনা ব্যৱস্থা :কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ প্ৰতিটোৰে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ মুঠ ১০২৬ টা ই ভি এমৰ ভোটগণনা হ'ব । জিলাখনৰ অন্তৰ্গত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী বিধানসভা সমষ্টি প্ৰতিটোৰ বাবে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি পোষ্টেল বেলট গণনাৰ বাবে আন ১০ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে । দিছপুৰ বিধানসভা সমষ্টিত ১৬ ৰাউণ্ড, ডিমৰীয়াত ১৭ ৰাউণ্ড, নিউ গুৱাহাটীত ১৪ ৰাউণ্ড, গুৱাহাটী চেণ্ট্ৰেলত ১৪ ৰাউণ্ড আৰু জালুকবাৰীত ১৫ ৰাউণ্ড গণনাৰে সম্পন্ন কৰা হ'ব কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটগণনা ।