অসম

assam

বৰ্ষাশ্ৰীৰ উদাহৰণেৰে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতিৰ - Himanta Biswa Sarma Controversy

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 6:50 PM IST

Debabrat Saikia on Himanta Biswa Sarma : আলফা(স্বাঃ)ৰ কাৰ্যকলাপৰ বিৰোধিতা নকৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ কেৱল অসমত নকৰিবলৈ ক’লে ৷ ইয়াকে লৈ সৰৱ হৈ পৰিছে বিৰোধী ৷ দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰিলে- আলফাৰ হৈ মুখ্যমন্ত্ৰীও অসমৰ বাহিবলৈ যাব নেকি ? দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ৷

Debabrat Saikia on Himanta Biswa Sarma
মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু বিৰোধীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : ‘‘সেনা বাহিনীক আক্ৰমণ কৰিবলৈ আলফাৰ হৈ মুখ্যমন্ত্ৰীও অসমৰ বাহিৰলৈ যাব নেকি ?’’ এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা(স্বাঃ)ৰ জাতিপ্ৰেমক স্বীকাৰ কৰি কৰা এক তাৎপৰ্যপূৰ্ণ মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে এই প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু বিৰোধীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য যে, শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল- ‘‘পৰেশ বৰুৱা-আলফাই নিশ্চিতভাৱে অসমৰ ভালৰ কাৰণে চিন্তা কৰে ৷ ৰাস্তা বেলেগ হ’ব পাৰে, কিন্তু তেওঁলোকৰ গান-ভিডিঅ’ দেখিলে এইটোৱেই বুজিপাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভালপায় ৷ যদি অসম আৰু অসমীয়াক ভালপাওঁ, অসমত বোমা দি কি লাভ হ’ব ? যদি বোমা দিব লাগে বাহিৰত দিম ৷ যদি আৰ্মীৰ কনভয়ত এটেক্ট কৰিব লাগে, তেন্তে বেলেগ জেগাত কৰিম ৷ অসমত তেওঁলোকৰ পলিটিকেল এক্টিভিটী থাকক, কিন্তু অসমত মিলিটেন্ট এক্টিভিটী থাকিব নালাগে ৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে পোনচাটেই আলফা(স্বাঃ)ৰ কাৰ্যকলাপৰ বিৰোধিতা নকৰাৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিয়ে ৷ এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়াই দেওবাৰে কয়, ‘‘সংবিধান অনুসৰি আমি এনেধৰণৰ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ, উগ্ৰপন্থীৰ লগতে সহযোগিতা দণ্ডনীয় ৷ বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে এটা কবিতা লিখাৰ বাবেই জে’লত ভৰাই থৈছিল ৷ তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে আলফাক অসমৰ বাহিৰলৈ গৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ যি মুকলি আহ্বান জনালে, ইয়াৰ বাবে ইণ্টেলিজেন্স ব্ৰু’ৰ বা অসম আৰক্ষীৰ ডিজিপিয়ে মুখ্যমন্ত্ৰীৰ এই দেশবিৰোধী মন্তব্যৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব ? মুখ্যমন্ত্ৰীও অসমৰ বাহিৰত সেনা বাহিনীক আক্ৰমণ কৰিবলৈ আলফাৰ হৈ যাব নেকি ?’’

ABOUT THE AUTHOR

...view details