অসম

assam

ETV Bharat / politics

নীতিশ কুমাৰলৈ ইণ্ডিয়াৰ উপ-প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ? 'পাল্টাৰাম'ৰ ফান্দত পৰিব প্ৰধানমন্ত্ৰী মোদী ? - Lok Sabha Election results 2024

Rumours on Nitish Kumar : ৰাজনৈতিক মহলত পূৰ্বতেই উৰাবাতৰি ওলাইছিল যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ আনুগত্য সলনি কৰিব পাৰে । চলিত লোকসভা নিৰ্বাচনৰ ফলাফলত এন ডি এ আৰু ইণ্ডিয়া ব্লকৰ মাজত হোৱা যুঁজৰ পিচতে এই ধাৰণাৰ সৃষ্টি হয় । ইফালে নীতিশে বিজেপিৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰীক সাক্ষাতৰ বাবে অস্বীকাৰ কৰিছে । আনহাতে, ছোনিয়া গান্ধী আৰু শৰদ পাৱাৰে তেওঁৰ সৈতে কথা পতাৰো গুঞ্জন ওলাইছে ।

Rumours on Nitish Kumar
নীতিশ কুমাৰলৈ ইণ্ডিয়াৰ উপ-প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 7:35 PM IST

নিউজ ডেস্ক, ৪ জুন : ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপি নেতৃত্বাধীন এন ডি এক কুঠাৰাঘাত কৰিছে । বিশেষকৈ নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৪০০ পাৰৰ যি শ্লোগান লৈ আগবাঢ়িছিল, তাতো মুখথেকেচা খাবলগীয়া হৈছে । ইয়াৰ পিচতে আগন্তুক চৰকাৰ গঠন আৰু ৰাজনৈতিক সমীকৰণক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ ৰাজ্যিক মুৰব্বী সম্ৰাট চৌধুৰীক লগ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু এনচিপি (শৰৎচন্দ্ৰ পাৱাৰ)ৰ নেতা শৰদ পাৱাৰে জেডি(ইউ)ৰ মুৰব্বীৰ সৈতে কথা পতা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে । আনকি ইণ্ডিয়া চৰকাৰত নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী পদ আগবঢ়োৱা বুলিও উৰাবাতৰি ওলাইছে ।

উল্লেখ্য, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এ মিত্ৰতাত যোগদান কৰা নীতিশ কুমাৰে পুনৰবাৰ 'পাল্টাৰাম'ৰ খেল খেলিব পাৰে বুলি প্ৰকাশ পোৱা বাতৰিক লৈ ৰাজনৈতিক জল্পনা-কল্পনা বৃদ্ধি পাইছে । এইটো দাবী কৰা হৈছে যে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আনকি তেওঁক লগ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈও গৈছে ।

মঙলবাৰে ভোটগণনাৰ দিনা পাটনাত জনতা দল (ইউনাইটেড)ৰ কাৰ্যালয়ত 'সকলোৰে বাবে নীতিশ' পোষ্টাৰ লগোৱাৰ লগে লগে এই সন্দৰ্ভত জল্পনা-কল্পনাই অধিক উৎসাহ লাভ কৰে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: বাৰাণসীত নৰেন্দ্ৰ মোদীৰ আৰু ৰায়বৰেলীত ৰাহুল গান্ধীৰ বৃহৎ জয় - Lok Sabha Election Results 2024

অৱশ্যে শৰদ পাৱাৰে এক বিবৃতি জাৰি কৰি কয় যে তেওঁ নীতিশ কুমাৰৰ সৈতে কথা পতা নাই । আনহাতে, কংগ্ৰেছ নেতৃত্বই এতিয়াও এই সন্দৰ্ভত একো প্ৰকাশ কৰা নাই ।

ইফালে সূত্ৰ অনুসৰি, ইণ্ডিয়া ব্লকৰ দ্বাৰা নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী পদ প্ৰদান কৰা হ'ব পাৰে বুলি উৰাবাতৰি ওলাইছে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি অহা নাই । বিহাৰৰ ফলাফলৰ প্ৰৱণতাত এনডিএয়ে অগ্ৰগতি লাভ কৰিছে । আনহাতে, এন ডি এৰ অংশ জেডিইউ অন্যতম বৃহৎ দল হিচাপে উদিত হৈছে ।

যদি এই প্ৰৱণতাবোৰ ফলাফললৈ ৰূপান্তৰিত হয়, তেন্তে কেন্দ্ৰত চৰকাৰ গঠনত জেডিইউৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিব । এইকাৰণেই ইণ্ডিয়া ব্লকে ইতিমধ্যে নীতিশ কুমাৰক তেওঁলোকৰ পক্ষলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ।

প্ৰৱণতা অনুসৰি, বিহাৰৰ 40 খন লোকসভা আসনৰ ভিতৰত 31 খনত এন ডি এ ৰ প্ৰাৰ্থী আগবাঢ়ি আছে । আনহাতে, জনতা দল ইউনাইটেডৰ প্ৰাৰ্থীসকল ১৩ খন আসনত আগবাঢ়ি আছে । এলজেপিয়ে ৫ খন আসনৰ কলোতে নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে । বিজেপি মাত্ৰ ১২ খন আসনত আগবাঢ়ি আছে । ইফালে নীতিশ কুমাৰৰ মৰ্যাদা পুনৰ বৃদ্ধি পাইছে । নীতিশ কুমাৰৰ বিষয়ে যদি ক'বলৈ যোৱা যায় তেন্তে চাপৰ ৰাজনীতিত নীতিশ এজন বিশেষজ্ঞ আৰু সদায় আন সম্ভাৱনাৰ দুৱাৰ মুকলি ৰাখে । বিগত কেইবছৰমানত নীতিশে যিধৰণে পক্ষ সলনি কৰিছে সেয়াও ইয়াৰ প্ৰমাণ ।

লগতে পঢ়ক :হায়দৰাবাদ লোকসভা সমষ্টিত আছাদুদ্দিন ওৱেইছিৰ 2,10,152 টা ভোটত অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ইফালে সোমবাৰে লোকসভাৰ ফলাফলৰ এদিন পূৰ্বে নীতিশ কুমাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । ইয়াৰ পৰা এইটো অনুমান কৰা হয় যে নীতিশে কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল । ইয়াৰ উপৰি নীতিশে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে ।

এই মুহূৰ্তৰ প্ৰৱণতাবোৰে সূচায় যে এইবাৰ বিজেপিয়ে নিজে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা নাই । অৱশ্যে বিজেপিয়ে ইয়াৰ মিত্ৰশক্তিৰ সৈতে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰা দেখা গৈছে । এনে পৰিস্থিতিত এটা কথা স্পষ্ট যে এইবাৰ বিজেপিৰ ভৱিষ্যত কেন্দ্ৰত নতুন চৰকাৰ গঠনত মিত্ৰশক্তিৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰিব।

ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আৰজেডি নেতা তেজস্বী যাদৱে কৈছিল যে ৪ জুনত ফলাফল ঘোষণা হোৱাৰ পিচত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে । অৱশ্যে জেডিইউ নেতাসকলে তেজস্বীৰ এই মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু ইয়াক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details