লখিমপুৰ, 8 এপ্ৰিল :অথন্তৰে লগ নেৰা হৈছে ৷ 9 এপ্ৰিল অৰ্থাৎ মঙলবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত আয়োজন কৰা এক বিশাল জনসভাত সমষ্টিটোৰ বিজেপি প্ৰার্থী প্ৰদান বৰুৱাৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা ৷ গৃহমন্ত্ৰীৰ সভাৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল বিশাল মণ্ডপ ৷ পিছে দেওবাৰে নিশাৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাই ভাঙি বিধ্বস্ত কৰে এই মণ্ডপ ৷
ধুমুহাত মূল মঞ্চটোৰ বিশেষ ক্ষতি নহ’ল যদিও মণ্ডপৰ ওপৰৰ অংশ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় ৷ ফলত মূল মণ্ডপৰ ওপৰৰ অংশ একো নোহোৱা হৈ পৰিল ৷ উল্লেখ্য যে, বিশাল আকাৰত নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো সম্পূর্ণ ৰূপে ভাগি পৰাৰ ফলত এদিনৰ ভিতৰতে পুনৰাই নিৰ্মাণ কৰাটো সম্ভৱ নহয় ৷ সেয়েহে মুকলি আকাশৰ তলতে বহি মঙলবাৰে অমিত শ্বাহৰ ভাষণ শুনিব লাগিব ৰাইজে ৷