গুৱাহাটী, 30 মাৰ্চ :লোকসভানিৰ্বাচনৰ পাচতেই ৰাজ্যত প্ৰযোজ্য হ’ব ইউচিচি । শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ এই সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সমাগত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়ায় শৰ্মাই কয়, "কৰিমগঞ্জ ,নগাঁৱত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব আৰু অৱশেষত বিজেপি জয়ী হ’ব । 11 খন আসনত বিজেপিৰ কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নাই । নগাঁৱত কংগ্ৰেছ-এআইডিএফ-বিজেপিৰ হ’ব ত্ৰিকোণীয়া যুঁজ ।"
আনহাতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাটত যিমান মানুহ হৈছে আন মিটিঙত তেনে মানুহ নাই । কংগ্ৰেছৰ মিটিঙত উপস্থিত মানুহৰ ফটো কংগ্ৰেছীয়েই মোলৈ পঠিয়াই থাকে ।" ইফালে ভূপেন বৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘মুখ্যমন্ত্ৰী হ’বলৈ ইচ্ছা থাকিলে ভূপেন বৰা বিজেপিলৈ আহিব লাগিব’’ ৷
মাজুলীক জিলা ঘোষণা তথা জিলাখনত বিকাশ বিজেপিয়েহে আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাটত সৰ্বাধিক লীড কম্পিটিশ্যন হ’ব ৷ কিন্তু মাজুলীত আমাৰ লীড হ’ব । কংগ্ৰেছে অখিল গগৈক অনুসৰণ কৰি প্ৰতিবাদ কৰা হৈছে । তিতাবৰত অজস্ৰ লীড পাম, সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা ।"