গুৱাহাটী, ২১ মার্চ: অসমত প্ৰথম তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত অসমৰ ১৪ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি নিৰ্বাচনী ৰণত নামি পৰিছে । সমষ্টিয়ে সমষ্টিয়ে এতিয়া নিৰ্বাচনৰ গৰম বতাহ ।
অসমৰ ১৪ টা লোকসভা সমষ্টিত এইবাৰ বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । ইতিমধ্যে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । শাসক-বিৰোধী উভয়ে নিৰ্বাচনী যুঁজলৈ আগুৱাই দিছে নিজৰ নিজৰ শক্তিশালী প্ৰাৰ্থী । প্ৰাৰ্থীৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ কেবিনেট মন্ত্ৰীকে ধৰি বৰ্তমানৰ সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক আৰু স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহীকে ধৰি ২৫ গৰাকীৰো অধিক শক্তিশালী প্ৰার্থীৰ পয়োভৰ ঘটিছে ।
আনহাতে এটা আঞ্চলিক দলৰ সভাপতি আৰু কংগ্ৰেছৰ দুটা মুখ্য শাখা সংগঠনৰ মুৰব্বীয়েও লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্তিত্ব লাভ কৰিছে । ইফালে কংগ্ৰেছ দলে ১২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে যদিও লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই । লখিমপুৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উদয় শংকৰ হাজৰিকা আৰু প্ৰাক্তন সাংসদ ৰাণী নৰহৰ নামটো চৰ্চাত আছে । দুয়োগৰাকীৰ ভিতৰত এগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব ।
উদয় শংকৰ হাজৰিকা প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছ দলৰ বাবে নতুন মুখ হ’লেও তেওঁ পূৰ্বে বিজেপিৰ প্ৰাৰ্থীৰূপে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল । কংগ্ৰেছৰ হৈ কোনে প্ৰাৰ্থিত্ব পাব সেয়া লক্ষ্যণীয় হ'ব । উল্লেখ্য যে এইবাৰ ছয়গৰাকীকৈ সাংসদে লাভ নকৰিলে টিকট । কংগ্ৰেছৰ এজন আৰু বিজেপিৰ পাঁচজন বৰ্তমানৰ সাংসদ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ।
কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেক টিকটৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে শাসকীয় দল বিজেপিৰ সাংসদ ক্ৰমে গুৱাহাটীৰ কুইন ওজা, ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, শিলচৰৰ ৰাজদ্বীপ ৰয়, তেজপুৰৰ পল্লব লোচন দাস আৰু ডিফুৰ হৰেণ সিং বে’ টিকটৰ পৰা বঞ্চিত হ’ল । লক্ষ্যণীয়ভাৱে এইবাৰৰ নিৰ্বাচনত দিছপুৰ এৰি দিল্লীলৈ যাবলৈ মন মেলিছে সাতজনকৈ বিধায়কে । সেইদৰে তিনিজন প্ৰাক্তন বিধায়ক, দুজন প্ৰাক্তন সাংসদ, এজন মন্ত্ৰী আৰু বৰ্তমানৰ দহজন সাংসদে বিভিন্ন দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ।
প্ৰধান ৰাজনৈতিক দলসমূহে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে সংসদীয় ৰাজনীতিত নতুন । লগতে দুয়োগৰাকীয়ে মহিলা প্ৰাৰ্থী । কংগ্ৰেছৰ হৈ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ হৈ বিজুলী কলিতা মেধি গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে । সেইদৰে ডিফু সমষ্টিত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং আৰু কৰিমগঞ্জত বিজেপিৰ সাংসদ কৃপানাথ মাল্লাৰ বাদে সমষ্টি দুটাত আন প্ৰার্থীসকল সংসদীয় ৰাজনীতিত নতুনকৈ প্ৰৱেশ কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে ।
অৱশ্যে কৰিমগঞ্জত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰা হাফিজ ৰচিদ আহমেদ চৌধুৰী অভিজ্ঞতা সম্পন্ন জ্যেষ্ঠ ৰাজনীতিক । এই তিনিটা সমষ্টিৰ বাদে আন সমষ্টিসমূহত একাধিক বর্তমানৰ সাংসদ, বিধায়ক বা প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । বৰপেটা সমষ্টিত বৰ্তমানৰ দুজন জ্যেষ্ঠ বিধায়ক অগপৰ ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰৰ লগতে তৃণমূল কংগ্ৰেছে প্ৰাক্তন বিধায়ক আব্দুল কালাম আজাদক প্ৰাৰ্থিত্ব দিছে ।
তেনেদৰে ধুবুৰীত এ আই ইউ ডি এফৰ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলৰ বিপৰীতে কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু অগপৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামে নিৰ্বাচনী ৰণত নামিছে । সেইদৰে ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।