কি বিচাৰে গুৱাহাটীৰ মহিলাই (ETV BHARAT ASSAM) গুৱাহাটী, 3 মে’ : ৰাজ্যত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ গ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইয়াৰ পিচতে 7 মে’ত ৰাজ্যৰ 4 টা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো তৎপৰ হৈ পৰিছে ৷ চাৰিটা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতাৰ মাজতে মূল যুঁজখন হ'ব বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা 2009 চনৰ পৰা একেলেঠাৰিয়ে তিনিটা কাৰ্যকাল মহিলাই প্ৰতিনিধিত্ব কৰি অহাৰ পিচতে এইবাৰো গুৱাহাটী সমষ্টিত মহিলাই প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা অধিক ৷
কিন্তু গুৱাহাটী সমষ্টিত মহিলা সাংসদ সকলে মহিলাৰ বাবে কোনো কাম নকৰাৰ লগতে মহিলাৰ কোনো সমস্যা সংসদত তুলি নধৰিলে বুলি মহানগৰীৰ একাংশ সচেতন মহিলাই অভিযোগ কৰিছে ৷
তেওঁলোকে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষিত হ'ব লাগে ৷ গুৱাহাটী সমষ্টিৰ বাসিন্দা হিচাপে দুগৰাকীকৈ মহিলা সাংসদ লাভ কৰাৰ পিচতো মহিলাৰ সুৰক্ষাৰ দিশত তেওঁলোকে কোনো কাম নকৰিলে ৷ বিজয়া চক্ৰৱৰ্তীয়ে প্ৰথম অৱস্থাত সংসদত কিছু কথা উল্লেখ কৰিছিল যদিও কুইন ওজাই 5 বছৰীয়া কাৰ্যকালত নীৰৱ হৈ থকা দেখা গ'ল বুলি অভিযোগ কৰে মহিলাসকলে ৷
তেওঁলোকে লগতে কয় যে, অসমৰ সমষ্টিবোৰৰ ভিতৰতে সন্মানীয় সমষ্টি হৈছে গুৱাহাটী সমষ্টি ৷ গুৱাহাটীত মহিলা সকল সুৰক্ষিত হ’ব লাগে ৷ পূৰ্বৰ সাংসদ সকলে কিদৰে মহিলাৰ সুৰক্ষাৰ ওপৰত কাম কৰিছে জ্ঞাত নহয় ৷ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা যিগৰাকী প্ৰতিনিধিয়ে সৱলভাৱে মহিলাৰ সমস্যাবোৰ সংসদত তুলি ধৰিব পাৰে তেনে প্ৰাৰ্থীক প্ৰাধান্য দিব বুলি মন্তব্য কৰে সচেতন মহিলাসকলে ৷
লগতে পঢ়ক :গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024