নিউজ ডেস্ক, ৪ এপ্ৰিল: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাওড়েৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছ নেতা গৌৰৱ বল্লভে । বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিচতে তেওঁ বিজেপিত যোগদান কৰে ।
কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সময়ত গৌৰৱ বল্লভে দলটো দিশাহীন হৈ পৰাৰ অভিযোগ উত্থাপন কৰে । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে । গৌৰৱ বল্লভে কয়, "মই সনাতন বিৰোধী শ্লোগান উত্থাপন কৰিব নোৱাৰো, পুৱা-গধূলি দেশৰ ‘সম্পত্তি সৃষ্টিকৰ্তা'ক গালি-গালাজ কৰিব নোৱাৰো । গতিকে কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছোঁ ।"
তেওঁ নিজৰ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক উদ্দেশ্যি এখন পত্ৰত লিখিছে, "আৱেগিক হৈছোঁ, মন বিচলিত । মই ক'ব বিচাৰো, লিখিব খুজিছো বহুত কথা । কিন্তু, মোৰ মূল্যবোধে মোক আনক আঘাত দিব পৰা কথা ক'বলৈ বাধা দিছে । তথাপিও মই আজি আপোনালোকৰ সন্মুখত মোৰ মতামত আগবঢ়াইছো, কাৰণ মই অনুভৱ কৰোঁ যে সত্য লুকুৱাই ৰখাটোও অপৰাধ, আৰু মই অপৰাধৰ অংশ হ'ব নিবিচাৰো ।
ছাৰ, মই বিত্ত বিভাগৰ অধ্যাপক । কংগ্ৰেছ দলৰ সদস্যপদ লাভ কৰাৰ পিচত দলটোৱে মোক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে গঢ়ি তুলিছিল । বহু বিষয়ত দলৰ স্থিতি দেশৰ মহান জনসাধাৰণৰ সন্মুখত শক্তিশালীভাৱে দাখিল কৰা হয় । কিন্তু যোৱা কেইদিনমানৰ পৰা দলৰ স্থিতিত অস্বস্তি অনুভৱ কৰি আহিছো ।