যোৰহাট, 7 এপ্ৰিল:কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হ’লে গৌৰৱ গগৈক দেখা যাব এক গুৰুত্বপূৰ্ণ পদত ৷ প্ৰধানমন্ত্ৰীৰ কাষতে থকা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৰূপত দেখা যাব যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ এই সম্ভাৱনা ব্যক্ত কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷
উল্লেখ্য যে দেওবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জীতেন্দ্ৰ সিঙে ১৪ নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা ইণ্ডি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ যোৰহাটৰ পশ্চিম লোহাহুইলাৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে ৷
জীতেন্দ্ৰ সিঙে কয়, ‘‘গৌৰৱ গগৈ কেৱল অসমৰে নহয়, দেশৰ ৰাজনীতিৰ এক উজ্জ্বল প্ৰতিভা । যদিহে ইণ্ডি মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰে, গৌৰৱ গগৈক এক গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদত ৰখা হ'ব ।’’ তেওঁ কয় যে অসমৰ উন্নয়নৰ বাবে গৌৰৱ গগৈৰ দৰে নেতাক জয়ী কৰোৱাটো অতি প্ৰয়োজনীয় । গৌৰৱ গগৈক অসমৰ কণ্ঠ হিচাবে আখ্যা দি জীতেন্দ্ৰ সিঙে সংসদত গৌৰৱ গগৈৰ বলিষ্ঠ ভুমিকাক প্ৰশংসা কৰে ৷