যোৰহাট, ১৮ মাৰ্চ : ‘‘তপন কুমাৰ গগৈ আৰু মোৰ মাজত যি সাক্ষাতকাৰ হৈছিল সেয়া সৌজন্যমূলক ৷ কিন্তু তেওঁলোকৰ কিবা আছে নেকি সেয়া মই নাজানো । মই তপন কুমাৰ গগৈক ৫ বছৰ পিচত লগ পাইছো ।’’ এই মন্তব্য দীপ গগৈৰ ৷
উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১০ বজাত গৌৰৱ গগৈৰ খুড়াক দীপ গগৈক বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে সাক্ষাৎ কৰে ৷ দীপ গগৈয়ে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক সাক্ষাৎ কৰাৰ পাচতে ৰাজনৈতিক মহল সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দীপ গগৈয়ে ।
আনহাতে, যোৰহাটলৈ অহাৰ সময়ত গৌৰৱ গগৈয়ে খুড়াকক লগ নকৰে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘গৌৰৱ আৰু মোৰ মাজত সেয়া ঘৰুৱা কথা । কাৰণ প্ৰায়ে গৌৰৱ মোৰ ওচৰলৈ আহে ৷ প্ৰাৰ্থিত্ব পোৱাৰ পাচত যি দিনা গৌৰৱ যোৰহাটত পদাপৰ্ণ কৰিছিল, তেতিয়া গৌৰৱে ফোন কৰি মোক লগ কৰাৰ কথা কৈছিল ৷ কিন্তু মোৰ চকু অপাৰেশ্যন হোৱাৰ কাৰণে মই আহিবলৈ কোৱা নাছিলো ৷ সেয়া তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে কোৱা কথা’’ ৷