গুৱাহাটী, ৩০ মাৰ্চ :বিড়ম্বনাৰ যেন শেষেই নহ’ব কংগ্ৰেছ দলত৷ আজি শনিবাৰৰ দিনটোতেই আকৌ এবাৰৰ বাবে শনি লাগিল কংগ্ৰেছত ৷ এজন নহয়, দুজন নহয়, একেলগে চাৰিজনকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতাই আজিৰ দিনটোত কংগ্ৰেছ দল আৰু ৰাজীৱ ভৱনক চিৰনমস্কাৰ জনাই নতুন বাটেৰে বাট বুলিলে ৷ প্ৰতিবেদনৰ আৰম্ভণিতেই দি ল’ব খুজিছোঁ আজিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰা নেতা চাৰিজনৰ নাম ৷ প্ৰথমজন হ’ল প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা, দ্বিতীয়জন প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য, তৃতীয়জন অল ইণ্ডিয়া প্ৰফেশ্যনেলছ কংগ্ৰেছৰ অসমৰ সভাপতি গৌৰৱ সোমানী আৰু চতুৰ্থজন হৈছে প্ৰাক্তন মন্ত্ৰী প্ৰয়াত শৰৎ বৰকটকীৰ পুত্ৰ তথা শিৱসাগৰ জিলাৰ প্ৰভাৱশালী নেতা অনুজ বৰকটকী ৷
প্ৰবীণ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই আজি নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰি গৌৰৱ সোমানীয়ে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে । যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ঘনিষ্ঠ এই দুয়োজন যুৱনেতাৰ কংগ্ৰেছ ত্যাগে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷
কালিলৈকে মানস বৰা আৰু তেওঁৰ পিতৃ অকণ বৰাই গৌৰৱ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ চলোৱা দেখা গৈছিল । বিগত কেইবা বছৰ ধৰি সাংসদ গৌৰৱ গগৈৰ ছাঁটোৰ দৰে বিভিন্ন ঠাইত দেখা পোৱা গৈছিল মানস বৰাক ৷ আজি কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে নিজৰ বাট মুকলি কৰিলে মানস বৰাই । এয়া ৰাজ্যখন আৰু ৰাজ্যৰ জনতাৰ হকে কাম কৰাৰ বাবে নতুন সুযোগ আৰু যাত্ৰা আৰম্ভ কৰাৰ সময় বুলি নিজৰ পদত্যাগপত্ৰত উল্লেখ কৰি বিজেপিত যোগ দিয়াৰেই এক প্ৰকাৰ স্পষ্ট ইংগিত দিছে মানস বৰাই ।