অসম

assam

ETV Bharat / politics

কংগ্ৰেছ ত্যাগী দাদু টায়ে আৰু আপত্যাগী জিতুল ডেকাৰ বিজেপিত যোগদান - Assam BJP

Assam BJP: নিৰ্বাচনৰ দিন ঘোষণাৰ দিনটোতো বিজেপিৰ যোগদান কাৰ্যসূচী ৷ কংগ্ৰেছ ত্যাগী দাদু টায়েই যোগদান কৰিলে বিজেপিত । তদুপৰি গেৰুৱা হ’ল আপৰ উপ-সভাপতি জিতুল ডেকা, মুখপাত্ৰ সুশান্ত নাথ আৰু গোলাঘাট কংগ্ৰেছৰ সম্পাদক মনোজ বৰুৱা ৷

Jitul Deka Dadu Taye bjp joining
দাদু টায়ে আৰু জিতুল ডেকাৰ বিজেপিত যোগদান

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 3:55 PM IST

দাদু টায়ে আৰু জিতুল ডেকাৰ বিজেপিত যোগদান

গুৱাহাটী, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে শনিবাৰে বিজেপিৰ গুৱাহাটীৰ বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । কংগ্ৰেছ ত্যাগী দাদু টায়েই বিজেপিত যোগদান কৰে । লগতে আপৰ পৰা পদত্যাগ কৰা আপৰ উপ-সভাপতি জিতুল ডেকা আৰু আপৰ মুখপাত্ৰ সুশান্ত নাথ আৰু গোলাঘাট কংগ্ৰেছৰ সম্পাদক মনোজ বৰুৱাই যোগদান কৰে ।

উল্লেখযোগ্য যে কিছুদিন পূব জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে বিজেপিত যোগদান নিশ্চিত হৈছিল । মুখ্যমন্ত্ৰীয়ে 'গাঁও চলো' কাৰ্যসূচীৰ অধীনত সৰুপথাৰলৈ যাওতে নিশা মুখ্যমন্ত্ৰীৰ লগতে জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে সাক্ষাৎ কৰাৰ ফটো ভাইৰেল হৈছিল । তাৰ পিছত তেওঁ কংগ্ৰেছ দল সম্পৰ্কে বিৰূপ মন্তব্য কৰি কংগ্ৰেছ নেতৃত্বৰ ৰোষত পৰিছিল ।

ইপিনে টিকটক কেন্দ্ৰ কৰি বিৰোধী দলসমূহৰ মাজত যেন বিভাজনে তীব্ৰৰূপ ধাৰণ কৰিছে । কংগ্ৰেছৰ পিছত এইবাৰ অসমৰ আম আদমি পাৰ্টীৰ মাজত বিসম্বাদ আৰম্ভ হৈছে । শনিবাৰে আপৰ উপ-সভাপতি জিতুল ডেকা আৰু আপৰ মুখপাত্ৰ সুশান্ত নাথে পাৰ্টীৰ পৰা পদত্যাগ কৰিছিল । আপ, অসমৰ সক্ৰিয় নেতা হিচাপে পৰিচিত আছিল আপৰ উপ-সভাপতি জিতুল ডেকা ।

আপে কালি গুৱাহাটীৰ পৰা দলৰ‌ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে ৰহস্যজনকভাবে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছতে আজি দলত পদত্যাগৰ জোৱাৰ‌ আৰম্ভ হয় । ‌জানিব পৰা‌ মতে আপৰ তিনিজনমান নেতাই অসন্তুষ্ট হৈ পদত্যাগ কৰাৰ যো-জা চলাই আছে । বিজেপিত যোগদান কৰি জিতুল ডেকাই কয়, ‘‘যি দলত সভাপতিৰ অস্তিত্ব নাই, সেই দলত থকাৰ অৰ্থ নাই । কংগ্ৰেছৰ বিৰোধিতা কৰাৰ বাবে আপত যোগদান কৰিছিলোঁ । আপৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিলোঁ ।‌ কিন্তু নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰাৰ্থিত্ব ঘোষণা কৰিও পিছত দলৰ সভাপতিগৰাকীয়ে ৰহস্যজনকভাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে ।’’

গতিকে তেনে দলত থকাৰ প্ৰয়োজন নাই বুলি অনুভৱ কৰা বুলি তেওঁ সদৰী কৰে । ‌যোগদান অনুষ্ঠানত বিজেপিৰ‌ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা‌ আৰু জয়ন্ত মল্লবৰুৱা আদি উপস্থিত আছিল ।

লগতে পঢ়ক:পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details