গুৱাহাটী, 5 আগষ্ট :পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ ‘পৰিৱৰ্তন’ শব্দটো এতিয়া বোজাস্বৰূপ হৈ পৰিছে ৷ ভাল দিনৰ আশাৰে দেশ তথা ৰাজ্যৰ শাসনৰ নেতৃত্ব গ্ৰহণ কৰা বিজেপিত সঁচাই পৰিৱৰ্তন হৈছে ৷
পৰিৱৰ্তনৰে দোহাই দি এজন এজনকৈ বিজেপিৰ বহুকেইজন নেতাই এতিয়া দলত্যাগ কৰাৰ কথাটো তেনেই সাধাৰণ যেন হৈ পৰিছে ৷ যাৰ এক অন্যতম কাৰণ হৈছে বহু জ্যেষ্ঠ বিজেপি নেতাক কৰা এলাগী কাৰবাৰৰ লগতে গেৰুৱা দলটোৰ আভ্যন্তৰীণ কন্দল ৷
নলবাৰী বিজেপিৰ পুৰণি বিজেপি নেতা তথা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দীৰ্ঘদিনীয়া উপেক্ষাৰ অন্তত শেহতীয়াকৈ বিজেপি ত্যাগ কৰি যোগ দিবলৈ সাজু হৈছে কংগ্ৰেছত ৷ শৰ্মাৰ পিছতে আন এগৰাকী প্ৰাক্তন বিজেপি বিধায়কে শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ তেওঁ হৈছে ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক, বিজেপি দলৰ ৰাজ্যিক প্ৰাক্তন উপ-সভাপতি দিলীপ মৰাণ ৷