গুৱাহাটী, ৭ জুন: লোকসভা নিৰ্বাচনত কিয় ৰাইজে প্ৰত্যাখ্যান কৰিলে এ আই ইউ ডি এফ দলক । ইয়াৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰিব দলটোৱে । ইয়াৰ বাবে আনকি গঠন কৰা হ'ব 'ফেক্ট ফাইণ্ডিং টিম'। শুক্ৰবাৰে এ আই ইউ ডি এফৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ।
বিধায়ক আমিনুল ইছলামে কয়," লোকসভা নিৰ্বাচনৰ জনাদেশক আমাৰ দলে সন্মান সহকাৰে মানি লৈছে ।" ভোটাৰ ৰাইজে দিয়া ৰায়দানেৰে নিৰ্বাচিত হোৱা সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ নৱনিৰ্বাচিত সাংসদসকলক সংসদত সক্ৰিয় ভূমিকা পালন কৰাৰ আহ্বান জনায় । তেওঁ কয় যে এ আই ইউ ডি এফে তিনিটা সমষ্টিত প্ৰাৰ্থী দিছিল আৰু আটাইকেইটা সমষ্টিতে পৰাজয়ৰ সন্মূখীন হয় । তিনিটা সমষ্টিৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়. 'কিয় ৰাইজে আমাক গ্ৰহণ নকৰিলে তাৰ কাৰণসমূহ বিশ্লেষণ কৰা হ'ব । নিশ্চয়কৈ বিভিন্ন ঠাইত আমাৰ বিভিন্ন ধৰণৰ ভুল হৈছে । আমাৰ ভুলৰ বাবেই হয়তো ৰাইজে আমাক সমৰ্থন কৰা নাই । আমি আমাৰ ভুলখিনি উলিয়াই ইয়াৰ শুধৰণি কৰিব লাগিব ।" ইয়াৰ বাবে এটা ফেক্ট ফাইণ্ডিং টিম গঠন কৰা হ'ব বুলিও তেওঁ কয় ।