অসম

assam

ETV Bharat / politics

লখিমপুৰত শাসক-বিৰোধীৰ অংকত আউল লগাব নেকি নিৰ্দলীয়ই ? - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

Lakhimpur Lok Sabha constituency:লখিমপুৰ লোকসভা সমষ্টিত পানী ঘোলা কৰিছে ৯গৰাকী প্রার্থীয়ে । মূল প্ৰতিদ্বন্দী বিজেপি, কংগ্রেছ দলৰ উপৰি ৭ গৰাকী আন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও নিৰ্বাচনত জঁপিয়াই পৰিছে । এই সকল প্ৰাৰ্থীয়ে আউল লগাব নেকি শাসক বিৰোধীৰ অংকত । কি কয় সাধাৰণ ৰাইজে ।

Lakhimpur Lok Sabha constituency
১২ নং লখিমপুৰ লোকসভা সমষ্টি

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:59 PM IST

১২ নং লখিমপুৰ লোকসভা সমষ্টি

লখিমপুৰ, ১ এপ্ৰিল : লখিমপুৰ লোকসভা সমষ্টিত নিৰ্দলীয়ই আউল লগাব নেকি শাসক-বিৰোধী দলৰ অংকত। কাৰণ বিগত নিৰ্বাচনত নিৰ্দলীয়ই কাঢ়ি নিছিল অৰ্ধ লক্ষাধিক ভোট । অসন্তুষ্ট ভোটাৰৰ ৰায়দানেও কৰিব ক্ৰিয়া । শাসক-বিৰোধীৰ তৎপৰতাৰ বিপৰীতে বহি থকা নাই অন্যান্য দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকল । তেওঁলোকেও এঘড়ী যুজিবলৈ আঁচনি প্ৰস্তুত কৰি নামি পৰিছে নিৰ্বাচনী ক্ষেত্রত । সেয়াই তেওঁলোকৰ জয় -পৰাজয় নিৰ্ণয় কৰক বা নকৰক এই প্ৰস্তুতিয়ে শাসক বিৰোধীৰ অংকত কিন্তু বিঘিনি ঘটাব পাৰে ।

১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পুৰণি তথ্যই এনে সন্দেহৰ অৱকাশ সৃষ্টি কৰিছে । কিয়নো বিগত ২০১৯ ৰ নিৰ্বাচনত অৰ্ধ লক্ষাধিক ভোট কাঢ়ি নিছিল তেনে প্ৰাৰ্থীসকলে । তেতিয়াৰ নিৰ্বাচনটোত মুঠ ১২ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল । মূল কংগ্রেছ আৰু বিজেপি দলক বাদ দিলে আন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সকলৰ ভিতৰত নিৰ্দলীয় প্ৰভূলাল বৈষ্ণবে ৪ হেজাৰ ৮৬৬ টা, আম্বাজ উদ্দিনে ৩ হেজাৰ ৮৯০টা, এছইউচিআইৰ হেমকান্ত মিৰিয়ে ৪ হেজাৰ ৩৪ টা, ভিপিআইৰ ভূপেন নৰহে ৫ হেজাৰ ৫৮১ টা, অসম দৃষ্টি পাৰ্টিৰ দিলীপ মৰাণে ৮ হেজাৰ ২৮৫ টা, অসম জন মৰ্চাৰ উবেইদুৰ ৰহমানে ৮ হেজাৰ ৭৩৮ টা, চিপিআইৰ অৰূপ কলিতাই ১৩ হেজাৰ ৩৭৮ টা আৰু চিপিআই এমৰ অমিয় কুমাৰ সন্দিকৈয়ে পাইছিল ১২ হেজাৰ ৮০৯ টা ভোট ।

এই সকল প্ৰাৰ্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা আছিল ৫৮ হেজাৰ ৭১ টা । ইয়াৰ উপৰি ভোটাৰৰ অসন্তুষ্টিও লক্ষ্যণীয় হৈছিল সেই নিৰ্বাচনত । প্ৰতিদ্বন্দিতাত নমা ১২ গৰাকী প্রার্থীৰ এগৰাকীকো পচন্দ নকৰি ন'টাৰ বুটাম টিপিছিল ১৫ হেজাৰ ২২০ জন ভোটাৰে। এইলৈ মুঠ ৭৩ হেজাৰ ২৯১ টা ভোট শাসক বিৰোধীৰ অংকৰ আওতাৰ পৰা বাহিৰত ৰৈ গৈছিল ।

এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দিতাত নামিছে মুঠ ৯ গৰাকী প্রার্থী । শাসক-বিৰোধীৰ দুজন প্ৰাৰ্থীক বাদ দিলে বাকী ৭ গৰাকী প্রার্থী হ'ল তৃণমূল কংগ্রেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লৱ পেগু, ভিপিআইৰ বীৰেণ বাইলুং আৰু নিৰ্দলীয় ক্ৰমে গোবিন বিশ্ব কৰ্মা, দেবনাথ পাইট, আৰু বিক্ৰম ৰামচিয়াৰী । এই সাতৰাকী প্রার্থীয়ে শাসকীয় দল বিজেপি আৰু প্ৰধান প্ৰতিদ্বন্দী বিৰোধী দল কংগ্রেছৰ অংকত আউল লগোৱাতো খাটাং । শাসক বিৰোধী দলে জুকিয়াই থোৱা অংকত এই প্ৰাৰ্থী সকলে ভাঙোণ আনিব পাৰে । তদুপৰি ন'টাত বুটাম টিপা ভোটাৰৰ সংখ্যাও বুজন পৰিমাণৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে হলে দুই প্ৰধান প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ সমীকৰণ বৰ মসৃণ হৈ নহ'ব বুলি কলেও বঢ়াই কোৱা নহ'ব ।

লগতে পঢ়ক:লখিমপুৰত এঘড়ী যুজাৰ সংকল্প ৯ জন প্রার্থীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details