গুৱাহাটী:সমাগত বি টি চি নিৰ্বাচনক লৈ বড়োলেণ্ডত আৰম্ভ হৈছে ব্যাপক তৎপৰতা । নিৰ্বাচনী যুঁজৰ আগেয়ে বড়োভূমিৰ বহু হাই প্ৰফাইল নেতাই ইতিমধ্যে সলনি কৰিছে নিজৰ দল । বিশেষকৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ এৰি শাসকীয় ইউ পি পি এলত যোগদান কৰিছে কেইবাগৰাকীও শীৰ্ষ নেতাই । বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীয়ে দলত্যাগ কৰি শনিবাৰে চিৰাঙত দলে-বলে প্ৰমোদ বড়োৰ ইউ পি পি এলত যোগদান কৰিছে ।
বি পি এফ ত্যাগ কৰিছে দলটোৰ সাধাৰণ সম্পাদক হিতেশ বসুমতাৰীয়েও । ইতিপূৰ্বেই ইউ পি পি এলত যোগদান কৰিছে বি পি এফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই । নিৰ্বাচনৰ পূৰ্বে সঁচাকৈয়ে সংকটত পৰিছে নেকি হাগ্ৰামাৰ দল ? তাৰো সমাধানৰ বিকল্প পথ উলিয়াইছে বি পি এফে ।
পৰিষদীয় নিৰ্বাচন খেলিব বি পি এফৰ ৮ গৰাকীকৈ প্ৰাক্তন বিধায়কে:
বি পি এফে এইবাৰৰ বি টি চি নিৰ্বাচনী যুঁজত নমাব বড়োভূমিৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাক । এই প্ৰসংগত দলটোৰ সাধাৰণ সম্পাদক দুৰ্গাদাস বড়োৱে ক’লে, "এই প্ৰস্তাৱটো মই আমাৰ দলৰ পি এন বি মিটিঙত আগবঢ়াইছিলো । দলে পুংখানুপুংখকৈ আলোচনা কৰিছে । নাম আলোচনা হোৱা ৮০ শতাংশ নেতাই নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।"
কোনে কোনে পৰিষদীয় নিৰ্বাচন খেলিবলৈ আগ্ৰহী সেই কথাও সদৰী কৰিলে বি পি এফ নেতাজনে । তেওঁ কয়, "মই জনাত দুবাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে দলে টিকট দিলে নিৰ্বাচন খেলিব, ৰিহন দৈমাৰীয়ে নিজেই কৈছে দলে টিকট দিলে তেওঁ খেলিব । কেইবাবাৰৰো বিধায়ক থানেশ্বৰ বসুমতাৰী, বৰমাৰ চাৰিবাৰৰ বিধায়ক কমল সিং নাৰ্জাৰী, পানেৰী সমষ্টিৰ চাৰিবাৰৰ বিধায়িকা কমলী বসুমতাৰী, তেওঁলোকে দলৰ নিৰ্দেশলৈ অপেক্ষা কৰি আছে । মুঠ ১২ গৰাকী তেনে ব্যক্তিলৈ আমি পৰামৰ্শ আগবঢ়াইছিলো । তাৰে ৮ গৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে । ইয়াৰ অন্তৰালতো আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে । বি টি চিৰ নিৰ্বাচনটোত আমি খুব শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো ।
বি পি এফৰ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ, মাচুল দুই লাখ টকা:
হাগ্ৰামা মহিলাৰীৰ দলটোৱে আৰম্ভ কৰিছে বি টি চি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ আবেদন লোৱা প্ৰক্ৰিয়া । আবেদন মাচুল নিৰ্ধাৰণ কৰিছে দুই লাখ টকা । প্ৰতিটো সমষ্টিতে আবেদন পৰিছে ৫/৬ খনকৈ । এই কথাও প্ৰকাশ কৰিলে দুৰ্গাদাস বড়োৱে ৷
দুৰ্গাদাস বড়োৰ মন্তব্য, "প্ৰতিটো ব্লক আৰু জিলা পৰ্যায়ত দুখন-তিনিখন তৃণমূল পৰ্যায়ত সভা অনুষ্ঠিত হৈছে আমাৰ । আমি ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছো । অতি উৎসাহী হৈছো, এটা এটা সমষ্টিত ৫/৬জনকৈ আবেদন পৰিছে । আবেদনৰ পইচাও কম নহয় । দুই লাখ টকাকৈ আবেদনৰ লগত দিব লাগে ।"
২০২০ত আমাক অন্যায় কৰি পৰিষদ গঠন কৰিব দিয়া নাছিল:
ইউ পি পি এলে বিটিচি গঠন কৰা পাঁচ বছৰ হৈ গ’ল । এতিয়াও বি পি এফৰ দাবী যে তেতিয়া তেওঁলোকক সৰ্বাধিক আসনপ্ৰাপ্ত দল হোৱা স্বত্বেও অন্যায়ভাৱে গঠন কৰিবৰ বাবে সুবিধা দিয়া হোৱা নাছিল বি টি আৰৰ পৰিষদ । এই প্ৰসংগতো দুৰ্গাদাস বড়োৱে ক’লে এইদৰে, "আমাক আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰে আছে । আগতেও ২০২০ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ইউ পি পি এল, এ জি পি আৰু বি জে পিৰ সন্মিলিত শক্তি একত্ৰিত হৈ আমাৰ বিৰুদ্ধে যুঁজিছিল । তেতিয়াও আমাক পৰাস্ত কৰিব নোৱাৰিলে । সকলোতকৈ বেছিসংখ্যক আসন আমি পাইছিলো যদিও ৪ খন আসনৰ বাবে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলো । অন্যায়ভাৱে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলো ।"