অসম

assam

ETV Bharat / politics

প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা; এই তালিকাত যদি আপোনাৰ নাম নাই তেন্তে জানি লওক কি কৰিব

Draft short revised electoral roll: সংক্ষিপ্ত সংশোধিত ভোটাৰ তালিকাৰ খচৰা প্ৰস্তুত । ২৮ নৱেম্বৰ পৰ্যন্ত দাখিল কৰিব পাৰিব আপত্তি ?

Draft short revised electoral roll
সংক্ষিপ্ত সংশোধিত ভোটাৰ তালিকাৰ খচৰা (ANI PHOTO)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 8:51 AM IST

গুৱাহাটী : অসমৰ মুখ্য নির্বাচনী বিষয়াই অহা পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰকাশ পাবলগীয়া সংক্ষিপ্ত সংশোধিত ভোটাৰ তালিকাৰ খচৰা মঙলবাৰে প্ৰকাশ কৰিছে । শেহতীয়াকৈ প্রকাশিত খচৰা তালিকা অনুসৰি ৰাজ্যখনত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৬,২৮,৬৭৩ জন । লোকসভা নিৰ্বাচনৰ সময়তকৈ ৫৬,৫৫৯জন ভোটাৰ বৃদ্ধি পাইছে ।

এই খচৰা অনুসৰি ৰাজ্যখনত ভোটাৰৰ সংখ্যা হৈছে এনেধৰণৰ-

  • ১৮-১৯ বছৰৰ ২,৫৫,৫৬২ জন
  • ২০-২৯ বছৰীয়া ৬৫,২৭,৭১১ জন
  • ৩০-৩৯ বছৰীয়া ৬১,৭২,৮৯৯ জন
  • ৪০-৪৯ বছৰীয়া ৪৯,৬০, ১৮৫জন
  • ৫০-৫৯ বছৰীয়া ৩৫,৬০,৪৩৮জন
  • ৬০-৬৯ বছৰীয়া ২০,২৫,৬৪৩ জন
  • ৭০-৭৯ বছৰীয়া ৮,৩৫,৬৮৭জন
  • ৮০ বছৰৰ উৰ্দ্ধৰ ২,৯০,৫৪৮ জন

পুৰুষ ভোটাৰৰ সংখ্যা হ্ৰাস

ৰাজ্যৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীত পুৰুষ ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে । উল্লেখ্য যে বিগত মার্চ-এপ্রিলত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ত ৰাজ্যত পুৰুষ ভোটাৰৰ সংখ্যা আছিল ১,২৩,২৬,১২৪ জন । শেহতীয়াকৈ প্রকাশিত তালিকা অনুসৰি পুৰুষ ভোটাৰৰ সংখ্যা হৈছেগৈ ১,২৩,১৬,৯৫১ জন । নিৰ্বাচনৰ সময়তকৈ পুৰুষ ভোটাৰৰ সংখ্যা ৯,১৭৩ হ্রাস পাইছে ।

  • তৃতীয় লিংগৰ ভোটাৰ হ্ৰাস

নিৰ্বাচনৰ সময়তকৈ তৃতীয় লিংগৰ ভোটাৰো ১৬জন হ্ৰাস পাইছে । ইয়াৰ বিপৰীতে মহিলা ভোটাৰ ৬৫,৭৪৬ গৰাকী বৃদ্ধি হৈছে । নিৰ্বাচনৰ সময়ৰ ১,২২,৪৫,৫৮৬ গৰাকী মহিলা ভোটাৰৰ সংখ্যা বাঢ়ি এতিয়া হৈছেগৈ ১,২৩,১১,৩৩৪ গৰাকী । মন কৰিবলগীয়া যে ভোটাৰ তালিকাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা মাত্র ৫,৬১৭ কম ।

ইপিনে, ২০-২৪ লোকসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত সমুদায় ভোটগ্রহণ কেন্দ্র ২৮,৬৫০ টা আছিল যদিও খচৰা তালিকাত ১০০৬ টা বৃদ্ধি পাই ২৯,৬৫৬ টা হৈছে । ছাৰ্ভিচ ভোটাৰৰ সংখ্যা হৈছে ৬৪,৪৫৭ জন । সূচী অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব অহা ৬ জানুৱাৰীত ।

খচৰা তালিকা সম্পর্কত আপত্তি, অভিযোগ থাকিলে অহা ২৮ নৱেম্বৰ পৰ্যন্ত দাখিল কৰিব পৰা হ'ব । ২৪ ডিচেম্বৰৰ ভিতৰত আপত্তি, অভিযোগবোৰ নিষ্পত্তি কৰা হ'ব । খচৰা তালিকা জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ত, সহকাৰী ৰিটার্নিং বিষয়া/চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু বুথ লেভেল অফিচাৰ (বি এল অ')ৰ ওচৰত উপলব্ধ হ'ব । নিৰ্বাচন আয়োগৰ ৱেবচাইট www.ceoassam.nic.in ত অনলাইন পৰীক্ষা কৰাৰ সুবিধাও আছে ।

লগতে পঢ়ক:পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BYE ELECTIONS

চামগুৰি উপ-নিৰ্বাচন: নগাঁৱত উপস্থিত তিনি নিৰ্বাচনী পৰ্যবেক্ষক

ABOUT THE AUTHOR

...view details