AGP Meeting in Rangia: শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা অগপৰ ৷ ইয়াৰে অংশ ৰূপে ৰঙিয়াত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন ।
অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)
ৰঙিয়া, ১১ আগষ্ট:ৰঙিয়াৰ প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত দেওবাৰে অগপৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । কামৰূপ জিলাৰ অগপ ৰঙিয়া সমষ্টি সমিতিৰ তত্বাৱধায়ক তথা দলৰ সাধাৰণ সম্পাদক সুনীল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মূলতঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয় । সভাখনত দলটোৰ সাধাৰণ সম্পাদক সুনীল ডেকাই কয়," যিহেতু পঞ্চায়ত নিৰ্বাচন সমাজৰ তৃণমূল পৰ্যায়ৰ সৈতে জড়িত, সেয়েহে দলৰ কৰ্মী সকলে এই সুযোগতে সৰ্বস্তৰৰ ৰাইজৰ মাজত দলটোক আগবঢ়াই নিবলৈ পূৰ্ণ প্ৰচেষ্টা কৰা উচিত ।"