মঙলবাৰ, ৪ জুন 2024 ৷ দেশৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দিন ৷ আগন্তুক পাঁচটা বছৰৰ বাবে দেশ চলাবলৈ কোনে এখন চৰকাৰ গঠন কৰিব সেই বিষয়ে দেশবাসীয়ে প্ৰদান কৰা গোপন ৰায় মঙলবাৰে ৰাজহুৱা হ'ব ৷ এই বিষয়ে ১ জুনৰ সন্ধিয়াৰ পৰাই দেশজুৰি নানা চৰ্চা আৰম্ভ হৈছে ৷ প্ৰায় সকলোখিনি এগজিট প'লেই মোটামুটিভাৱে একেখনেই ছবি দাঙি ধৰিছে ৷ আমি পিছে তাক লৈ আলোচনা কৰিব খোজা নাই ৷ আন এটা সৰু যেন লগা কিন্তু অসমৰ বাবে গুৰুত্বপূৰ্ণ বিষয়হে আলোচনা কৰিব খুজিছো ৷
মঙলবাৰে অৰ্থাৎ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ লগতে একেলগে ফলাফল ওলাব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰো ৷ অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতি বুলি ক'লেই দুজন মানুহৰেই ছবি ভাৰতবৰ্ষৰ মানুহৰ মনলৈ ভাহি আহে ৷ তাৰে প্ৰথমজনেই হৈছে এন টি ৰামাৰাও আৰু দ্বিতীয়জন চন্দ্ৰবাবু নাইডু ৷ এন টি ৰামাৰাও (এন টি আৰ) তেলুগু জাতিৰ বাবে প্ৰাতঃস্মৰণীয় ৷ আনহাতে চন্দ্ৰবাবু নাইডু এগৰাকী জনপ্ৰিয় নেতা ৷
লগতে পঢ়ক:কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024
বৰ্তমানৰ অত্যাধুনিক আৰু হাইটেক হায়দৰাবাদ চহৰখন গঢ়ি উঠাৰ আঁৰৰ মানুহ দুজনেই হৈছে প্ৰয়াত এন টি আৰ আৰু নাইডু ৷ বিগত পাঁচ বছৰ চন্দ্ৰবাবু নাইডু অন্ধ্ৰপ্ৰদেশৰ শাসনত নাছিল ৷ জগনমোহন ৰেড্ডীৰ YSRCP ৰ চৰকাৰ আছিল অন্ধ্ৰপ্ৰদেশত ৷ কিন্তু নাইডু নেতৃত্বাধীন তেলুগু দেশম পাৰ্টি (TDP) যোৱা পাঁচটা বছৰে এনেয়ে বহি থকা নাছিল ৷
এন টি আৰে গঢ়ি থৈ যোৱা এই দলটোক শক্তিশালী ৰূপত আগুৱাই নিবলৈ কোনো ফালৰ পৰা চেষ্টাৰ ত্ৰুটি কৰা নাছিল চন্দ্ৰবাবু নাইডুৱে ৷ দেশৰ এগৰাকী অন্যতম শক্তিশালী আৰু বিচক্ষণ নেতাৰূপে নাইডুৰ এটা নাম আছে ৷ এটা সময়ত বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ দল আছিল টি ডি পি ৷ কিন্তু বিভিন্ন কাৰণত টি ডি পি এন ডি এৰ পৰা ওলাই আহিছিল যদিও শেহতীয়া লোকসভা নিৰ্বাচনৰ আগে আগে টি ডি পি পুনৰ এন ডি এত চামিল হৈছিল ৷ এয়াই হৈছে নাইডুৰ বিচক্ষণতা ৷
অন্ধ্ৰপ্ৰদেশত বিজেপিৰ স্থিতি মুঠেও শক্তিশালী নহয় ৷ ১৭৫ জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে মাত্ৰ ১০ খন আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল আৰু সমীক্ষা অনুসৰি ইয়াৰে চাৰিৰ পৰা ছখন আসনত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে ৷ তেন্তে যিখন ৰাজ্যত বিজেপিৰ ভেটিয়েই শক্তিশালী নহয় সেইখন ৰাজ্যত সেই একেই বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হ'বলৈ চন্দ্ৰবাবু নাইডুৱে পুনৰ মন মেলিলে কিয় ? এইটোহে ডাঙৰ প্ৰশ্ন ৷ এইখিনিৰ পৰাহে আহিব আমি ক'ব খোজা মূল কথাটো ৷
প্ৰয়াত এন টি আৰে তেলুগু দেশম পাৰ্টি জন্ম দিছিল তেলুগু জাতিৰ স্বাৰ্থত ৷ টি ডি পি এশ শতাংশই বিশুদ্ধ এটা আঞ্চলিকতাবাদী দল ৷ কিন্তু দেশৰ ৰাজনীতিত টি ডি পিৰ গুৰুত্ব বহুত বেছি ৷ দিল্লীত চৰকাৰ কাৰ হ'ব সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এটা আঞ্চলিকতাবাদী দল হিচাপে টি ডি পিয়ে জন্মলগ্নৰে পৰাই এক শক্তিশালী ভূমিকা পালন কৰি আহিছে ৷ আঞ্চলিক চৰিত্ৰ অটুট ৰাখি ৰাষ্ট্ৰীয় ৰাজনীতিত এক শক্তিশালী ভূমিকা পালন কৰি আহিছে টি ডি পিয়ে ৷
লগতে পঢ়ক:কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024
এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল যে পুনৰ নাইডুৰ পক্ষত যাব তাক লৈ এটা প্ৰায় স্পষ্ট ধাৰণা ফুটি উঠিছে ৷ সমীক্ষা অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ দল YSRCP হয়তো ক্ষমতাচ্যুত হ'ব ৷ হয়তো পুনৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত দেখা যাব পাৰে চন্দ্ৰবাবু নাইডুক ৷ তেনে এক পৰিস্থিতি যদি হয় তেন্তে অন্ধ্ৰপ্ৰদেশত এন ডি এৰ চৰকাৰ হ'ল বুলিয়েই চৰ্চা চলিব ৷ কিয়নো অন্ধ্ৰপ্ৰদেশৰ আন এক শক্তিশালী আঞ্চলিক দল হৈছে চলচ্চিত্ৰ তাৰকা পবন কল্যাণ নেতৃত্বাধীন জনসেনা, যিটো দলো এন ডি এৰ অংশীদাৰ আৰু জনসেনাই ক'মেও ১৪ ৰ পৰা ১৬ খন আসন পাব পাৰে বুলি বিভিন্ন সমীক্ষাই কৈছে ৷
অৱশ্যে এইবাৰ সৰ্বাধিক আসন টি ডি পিৰ পক্ষতেই থাকিব বুলি সমীক্ষাসমূহত কোৱা হৈছে ৷ যদিহে অন্ধ্ৰপ্ৰদেশত এন ডি এৰ চৰকাৰ হয় তেন্তে এইখন ৰাজ্যৰ শাসনৰ ৰাজনীতিত বিগ ব্ৰাডাৰ হৈ থাকিব টি ডি পিহে, বিজেপি নহয় ৷ যিটো কথা চন্দ্ৰবাবু নাইডুৰ দৰে বিচক্ষণ নেতাই খুব ভালদৰে বুজি পায় ৷