নতুন দিল্লী, 16 মে’:দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক তলব কৰিছে । আনহাতে দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰে ।
দিল্লী আৰক্ষীৰ দুজনীয়া দল এটাই স্বাতী মালিৱালৰ মধ্য দিল্লীস্থিত বাসগৃহত ভাষ্য লিপিবদ্ধ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ৷ আৰক্ষী বিষয়াই জনোৱা অনুসৰি মালিৱালে সোমবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত সংঘটিত ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱায় ৷ বিষয়াজনে কৈছিল যে মালিৱালৰ বক্তব্য লিপিবদ্ধ কৰাৰ পিচত আৰক্ষীয়ে গোচৰটোত এজাহাৰ দাখিল কৰিব পাৰে ৷
অতিৰিক্ত আৰক্ষী আয়ুক্ত পি এছ কুশৱাহাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটো চাৰি ঘণ্টাৰো অধিক সময় মালিৱালৰ বাসগৃহত আছিল । উল্লেখ্য যে সোমবাৰে পুৱা সাংসদ স্বাতী মালিৱালে চিভিল লাইনচ আৰক্ষী চকীত এক অভিযোগ উত্থাপন কৰিছিল যে অৰবিন্দ কেজৰিৱালৰ এগৰাকী ব্যক্তিগত সহায়কে তেওঁক মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত আক্ৰমণ কৰিছিল ৷