ETV Bharat / state

ৰহস্য ভেদ: গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ আঁৰত কোন আছিল প্ৰকৃততে ? - NAGAON MURDER CASE

নগাঁও আৰক্ষীয়ে অৱশেষত ফাদিল কৰিলে গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য । কোনে কিয় ডিঙি কাটি হত্যা কৰিছিল চাৰিজনকৈ লোকক ?

Nagaon murder case
গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ভেদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 10:27 PM IST

নগাঁও: গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য অৱশেষত ফাদিল কৰিবলৈ সক্ষম হ'ল নগাঁও আৰক্ষী । ২২ নৱেম্বৰৰ সন্ধিয়া গড়াজানৰ গুণধৰ সৰকাৰৰ ঘৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল চাৰিজনকৈ লোকৰ মৃতদেহ ।

গুণধৰ সৰকাৰৰ ঘৰত জ্যেষ্ঠ কন্যাৰ বিয়াৰ আয়োজন চলি থকাৰ মাজতে সন্ধিয়া গুণধৰ সৰকাৰৰ লগতে পত্নী সুৰধ্বনি সৰকাৰ আৰু কনিষ্ঠ কন্যা জয়স্মিতা সৰকাৰক অতি নৃশংসভাৱে ঘৰৰ ভিতৰতে হত্যা কৰা হৈছিল । লগতে ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল অনুপম সূত্ৰধৰ নামৰ এজন যুৱকৰো মৃতদেহ ।

নগাঁও আৰক্ষীৰ সংবাদমেল (ETV Bharat)

এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱাৰ পাছতেই গড়াজানত উপস্থিত হৈ এছ আই টি গঠনৰ বাবে নগাঁও আৰক্ষীক নিৰ্দেশ দিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে ।

গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ ওৰফে আখি সৰকাৰৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ সময়তে পৰিয়ালটোৰ তিনিগৰাকীকৈ সদস্যৰ লগতে আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছিল ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত গঠন কৰি দিয়া এছ আই টিয়ে অৱশেষত ফাদিল কৰিবলৈ সক্ষম হয় নৃশংস হত্যাকাণ্ডটোৰ সকলো ৰহস্য ।

গড়াজানৰ গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ সৈতে ২০২২ চনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল নগাঁৱৰ তেলিয়াপট্টিৰ অনুপম সূত্ৰধৰৰ । কিন্তু পৰিয়ালৰ লোকে নৱাস্মিতা সৰকাৰৰ বিয়া আন এজন যুৱকৰ সৈতে চূড়ান্ত কৰাত ক্ষুণ্ণ হৈ ২২ নৱেম্বৰৰ সন্ধিয়া অনুপম সূত্ৰধৰে দাৰে ডিঙি কাটি হত্যা কৰে গুণধৰ সৰকাৰৰ লগতে পত্নী সুৰধ্বনি সৰকাৰ আৰু কনিষ্ঠা কন্যা জয়স্মিতা সৰকাৰক ।

লগতে পঢ়ক: প্ৰেমজনিত সংঘাতৰ কৰুণ পৰিণতি; চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও

সেই সময়তেই গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰ উপস্থিত হোৱাত বাবুল সৰকাৰৰ সৈতেও সংঘাতত লিপ্ত হয় অনুপম সূত্ৰধৰ । অনুপম সূত্ৰধৰে অমল সৰকাৰকো হত্যাৰ চেষ্টা চলোৱাৰ সময়ত একেখন দাৰে অমলে আক্ৰমণ কৰাত মৃত্যু হয় অনুপম সূ্ত্ৰধৰৰ । অনুপম সূ্ত্ৰধৰৰ আক্ৰমণত অমল সৰকাৰে ভৰিত আঘাত পায় ।

নগাঁও আৰক্ষীয়ে অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক আটক কৰি চলোৱা মাৰাথন জেৰাৰ অন্তত সকলো কথা স্বীকাৰ কৰে নগাঁও আৰক্ষীক । জেৰাৰ অন্তত সোমবাৰে গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকৰাক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে । সোমবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য অৱগত কৰে সংবাদ মাধ্যমক ।

স্বপ্ননীল ডেকাই উল্লেখ কৰে, ‘‘অনুপম সুত্ৰধৰে গুণধৰ সৰকাৰ, সুৰধ্বনি সৰকাৰ আৰু জয়স্মিতা সৰকাৰক হত্যা কৰে ৷ সেই সময়তে হুলস্থুল শুনি অমল সৰকাৰ সেই স্থানত উপস্থিত হয় ৷ সেই সময়ত সুৰধ্বনি সৰকাৰক ডিঙিত ঘপিয়াই আছিল অনুপমে ৷ তেওঁক বাধা দিব খোজাত অমলকো আক্ৰমণ কৰে ৷ তাৰ পাছতেই একেখন দাৰে অমলে অনুপমক হত্যা কৰে ৷ হত্যাৰ পাছত ঘৰৰ কাষৰ পুখুৰীত তেওঁ হাত ধোৱে আৰু তেজ লগা কাপোৰবোৰ জ্বলাই দিয়ে বুলি আমাক জনাইছে ৷’’

সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে, ঘটনা সংঘটিত হোৱাৰ পাছতেই গুণধৰ সৰকাৰৰ পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰা আজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৪০৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩২৯(৩), ৩২৯(৪), ১০৩ ধাৰাৰ অধীনত আটা গোচৰ ৰুজু কৰাৰ লগতে অনুপম সূত্ৰধৰৰ পৰিয়ালৰ লোকে দাখিল কৰা আন এখন এজাহাৰৰ ভিত্তিত ৪০৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(১) নম্বৰত আন এটা গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক: গড়াজানৰ নৃশংস হত্যাকাণ্ড: প্ৰেমিকেই যদি আছিল ষড়যন্ত্ৰকাৰী কিয় হ’ল হত্যাৰ বলি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.