ৰাজ্যত এইবাৰ পুনৰ চৰ্চাত গো-মাংস । গো-মাংসক লৈ মন্তব্য আগবঢ়াইছে শাসক-বিৰোধী দলৰ ইজনৰ পিছত সিজন নেতাই । এই সম্পৰ্কত এইবাৰ মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । সাংসদ ৰকিবুল হুছেইনে গো-মাংস সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনত জয় পৰাজয় থাকেই । নিজৰ সন্তান পৰাজিত হলে বুকুত বিষ হ’বই । কিন্তু পৰাজয় হ’ল বুলিয়েই সমাজত বিশৃংখলতা সৃষ্টি কৰা মন্তব্য কৰাটো গ্ৰহণযোগ্য নহয় । এফালে মানুহে কেৱল উন্নয়নৰ কথা পাতি থকা সময়ত একাংশই গৰুৰ মাংসৰ কৰা পাতি আছে ।
উল্লেখ্য যে শনিবাৰে ৰকিবুল হুছেইনে গো-মাংস সন্দৰ্ভত অনা অভিযোগৰ প্রত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্তব্য:
পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়াইল মাৰ্ঘেৰিটাই কয়, ‘‘যিকোনো নিৰ্বাচনৰ বাবে আমি বিজেপি মিত্ৰজোঁট সদায় সাজু হৈ থাকোঁ ৷ পঞ্চায়ত নিৰ্বাচনত পূৰ্বতেও ৰাইজে আমাক আশীৰ্বাদ দিছে, এইবাৰো আমি ৰাইজৰ আশীষ পাম । জিলা সভাপতি, মণ্ডল সভাপতিসকল দলৰ পদাধিকাৰী । যিহেতু পদাধিকাৰীসকলে নিৰ্বাচনটো পৰিচালনা কৰে সেইবাবে এটা পদত থাকি আকৌ নিৰ্বাচনত অংশগ্ৰহণ কৰিলে কাৰিকৰী দিশত কিছু অসুবিধা হয় ।’’
গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য:
আনহাতে গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, ‘‘গৌৰৱ গগৈয়ে বিহালীৰ নিৰ্বাচিত বিধায়ক দিগন্ত ঘটোৱালক চালানি বুলি কয় । চাহ জনগোষ্ঠীয় লোক এজন চালানি হ’ব পাৰে নেকি ? কংগ্ৰেছে ST, SC ৰ বাবে সংৰক্ষণ নালাগে বুলি কৈ অপমান কৰিছে । বিজেপিৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ নাই, গোষ্ঠীগত সংঘৰ্ষ নাই । আনকি ৰকিবুল হুছেইনৰ দিনত যি গঁড় হত্যা হৈছিল, সেয়াও বিজেপিৰ দিনত হোৱা নাই । গৌৰৱ গগৈ এজন ভদ্ৰ ল’ৰা, উচ্চ শিক্ষিত বিলাত ফেৰৎ ব্যক্তি । ব্যক্তিগতভাৱে তেখেতৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে । কিন্তু গৌৰব গগৈতকৈও ৰিপুণ বৰা ৰাজনৈতিকভাৱে বেছি শক্তিশালী। ৰিপুণ বৰাৰ দিনত ৫ জন MP আছিল, কিন্তু গৌৰৱ গগৈৰ দিনত সেই সংখ্যা তিনিলৈ নামিলে । ৰিপুণ বৰাৰ দিনত ৫০ জন বিধায়ক আছিল কংগ্ৰেছৰ, বিজেপিয়ে পাইছিল ৬৪ খন আসন । কিন্তু গৌৰৱ গগৈৰ দিনত কংগ্ৰেছৰ আসনৰ সংখ্যা ২৯ লৈ নামি আহিল । উপ-নিৰ্বাচনতো গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ ফলাফল শূন্য হ’ল । গৌৰৱ গগৈৰ এই সবল নেতৃত্ব অব্যাহত থাকক ।’’
লগতে পঢ়ক: নিৰ্বাচনত জিকিবলৈ মিঞাক সাস্তাংগে প্ৰণাম মুখ্যমন্ত্ৰীৰ: ৰকিবুল হুছেইন