ETV Bharat / politics

মঙহৰ ৰাজনীতি ! সাংসদ ৰকিবুলক তুলাধুনা বিজেপিৰ দুই ইছলামধৰ্মী নেতাৰ - ASSAM BY POLLS

চামগুৰিৰ উপ-নিৰ্বাচন, গো-মাংস, কংগ্ৰেছৰ পৰাজয় আদি বিষয়ৰ বিতৰ্ক এতিয়াও শাম কটা নাই ৷ ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ অভিযোগৰ উত্তৰ দিলে এইবাৰ বিজেপি নেতাই ৷

Assam By polls
বিজেপিৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 8:22 PM IST

গুৱাহাটী: ‘‘লোকসভা নিৰ্বাচনত যোৰহাটত জয়ী হৈ কংগ্ৰেছে এক ধাৰণা দিবলৈ চেষ্টা কৰিছিল যদিও উপ-নিৰ্বাচনৰ শোচনীয় ফলাফলে কংগ্ৰেছৰ এই চেষ্টাত যতি পেলায় । সেয়ে এতিয়া দিশহাৰা কংগ্ৰেছ নেতৃত্বই কিছুমান অযুক্তিকৰ কথাৰে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । কংগ্ৰেছৰ এনে ষড়যন্ত্ৰক অসমৰ জনসাধাৰণে প্ৰতিটো নিৰ্বাচনতে প্ৰত্যাখ্যান কৰি আহিছে ।’’ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ।

সোমবাৰে দলৰ বশিষ্ঠস্থিত ৰাজ্যিক কার্যালয়ত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই চামগুৰিত কংগ্ৰেছৰ পৰাজয়ৰ বাবে গো-মাংসক লৈ অনাহকত বিতৰ্ক কৰা বুলি উল্লেখ কৰি গৰিহণা দিয়ে মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ।

লগতে সংবাদমেলত উপস্থিত থাকি দলৰ জ্যেষ্ঠ মুখপাত্ৰ ড৹ মমিনুল আৱালে কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ বেলুন এতিয়া ফুটিছে । কংগ্ৰেছৰ এই দুৰ্বল অৱস্থাৰ বাবে দলটোৰ প্ৰতি সমবেদনা জনোৱা বুলি উল্লেখ কৰি মমিনুল আৱালে কয় যে বর্তমান সময়ত সাধাৰণ জনতা ৰাজনৈতিকভাৱে বিজেপিৰ লগতহে আছে । সেয়ে কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰ হতাশ হৈ পৰিছে ।

চামগুৰিত ২৪ বছৰে প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনক ৰাইজে প্ৰত্যাখ্যান কৰা বুলি মন্তব্য কৰে মুখপাত্ৰ আৱালে ৷ তেওঁ কয় ‘‘এতিয়া হতাশগ্ৰস্ত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে খাদ্যক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে । আমি আগৰে পৰাই আবেগৰ পৰিৱৰ্তে বিবেককে সিদ্ধান্ত ল’বলৈ সদায় সংখ্যালঘু ৰাইজক আবেদন জনাই আহিছো ৷’’

লগতে পঢ়ক: ৰিপুণ বৰাক গৌৰৱ গগৈতকৈ শ্ৰেষ্ঠ আখ্যা পবিত্ৰ মাৰ্ঘেৰিটাৰ

গো-হত্যা কৰি চামগুৰিত জয়ী হৈছে বিজেপি: ভূপেন বৰা

তেওঁ পুনৰ কয়, ‘‘পূৰ্বে কংগ্ৰেছৰ দিনত সংখ্যালঘু ৰাইজ সদায় নির্যাতনৰ সম্মুখীন হৈ আহিছিল । কংগ্ৰেছৰ শাসনত কেবাবাৰো সাম্প্ৰদায়িক সংঘর্ষ হৈছিল । এই সংঘর্ষবোৰত সৰ্বাধিক ক্ষতি কিন্তু সংখ্যালঘু ৰাইজৰে হৈছিল । বিপৰীতে এতিয়া বিজেপিৰ শাসনত সংখ্যালঘু ৰাইজ নিৰাপদে আছে । কংগ্ৰেছৰ দিনত সংখ্যালঘুৱে দালালক ধন দিহে আঁচনিৰ সুবিধা পাইছিল । কিন্তু বিজেপি চৰকাৰৰ শাসনত কোনো দালালৰ আশ্ৰয় নোলোৱাকৈ সংখ্যালঘু সাধাৰণ জনতাই চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ সক্ষম হৈছে ।’’

‘‘ৰকিবুল হুছেইনে চামগুৰিৰ ৰাইজক যোৱা ২৪ টা বছৰে ভীতিগ্ৰস্ত কৰি ৰাখিছিল । ফলত চামগুৰিৰ ৰাইজে বিকল্পৰ সন্ধান কৰি আছিল । উপ-নিৰ্বাচনে সেই সুযোগ আনি দিয়াত চামগুৰিৰ ৰাইজে ভয়-ভীতিৰ পৰা মুক্ত হ’ব বিচাৰি বিজেপিৰ পক্ষত ভোটদান কৰিলে ।’’ আৱালে কয় ৷ কংগ্ৰেছে সংখ্যালঘুৰ সমস্যা কেতিয়াও সমাধান হোৱাটো নিবিচাৰে বুলিও মমিনুল আৱালে কংগ্ৰেছ নেতৃত্বক কটাক্ষ কৰে ।

সংবাদমেলখনত উপস্থিত দলৰ জ্যেষ্ঠ সংখ্যালঘু নেতা হাবিব চৌধুৰীয়ে কয় যে ৰকিবুল হুছেইনে গো-মাংস ভক্ষণ কৰি বিজেপিক ভোট দিয়া বুলি কৈ চামগুৰিবাসীক অপমান কৰিছে । এই বক্তব্যৰ জৰিয়তে ৰকিবুল হুছেইনে সাধাৰণ জনতাৰ ভোটদানৰ মৌলিক অধিকাৰকে অপমান কৰিছে । চৌধুৰীয়ে ৰকিবুল হুছেইনক পুনৰ কটাক্ষ কৰি কয়, ‘‘চামগুৰিত পৰাজয়ৰ পাছত সাংসদ হুছেইন যিহেতু মানসিকভাৱে দুৰ্বল হৈছে, সেয়েহে মানসিক শান্তিৰ বাবে কেইটামান দিন মছজিদত থাকি আহক ৷ তাত তেওঁ মানসিক শান্তি পাব ।’’

লগতে পঢ়ক: বিজেপিক এতিয়া মিঞা ভোটৰ দৰকাৰ হৈছে: ৰকিবুল হুছেইন

মিঞাৰ পাল্লাত পৰা হিমন্ত বিশ্বৰ এইবাৰ পতন নিশ্চিত : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.