গুৱাহাটী: বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে আকৌ নিলম্বন কৰিলে দলটোৰ এজন বিধায়কক । আলগাপুৰ বিধানসভা সমষ্টিৰ দলটোৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক নিলম্বন কৰিছে এ আই ইউ ডি এফে ।
সোমবাৰ (২ ডিচেম্বৰ)ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰীকৰণ হোৱাকৈ এ আই ইউ ডি এফে দলবিৰোধী আৰু বিতৰ্কিত কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ছবছৰৰ বাবে নিলম্বন কৰিছে বিধায়ক নিজামুদ্দিনক ।
সোমবাৰে এ আই ইউ ডি এফৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদে এক পত্ৰযোগে নিজামুদ্দিন চৌধুৰীক দলৰ পৰা নিলম্বনৰ কথা ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি আলগাপুৰৰ বিধায়কজনৰ নাম গৰু ছিণ্ডিকেট, বালি ছিণ্ডিকেট আদি অসামাজিক কামকাজৰ লগত সাঙোৰ খাই আহিছিল । ইয়াৰ উপৰিও বিভিন্ন সময়ত তেওঁ বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিভাৱে সমৰ্থন জনাই আহিছিল ৷ যাৰ বাবে এ আই ইউ ডি এফ আৰু বদৰুদ্দিন আজমল অস্বস্তিত পৰিবলগীয়া হৈ আহিছিল ।
বৰাকৰ আলগাপুৰ সমষ্টিৰ পৰা ২০১৬ চনত প্ৰথমবাৰৰ বাবে এ আই ইউ ডি এফৰ পৰা বিধায়কৰূপে নিজামুদ্দিন চৌধুৰী নিৰ্বাচিত হৈ আহিছিল বিধানসভালৈ । ২০২১তো দলটোৰ পৰা আলগাপুৰৰ বিধায়ক হৈ দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হয় নিজামুদ্দিন চৌধুৰী ৷ তৃতীয়টো কাৰ্যকাল শেষ নহওতেই এ আই ইউ ডি এফৰ পৰা নিলম্বিত হ’বলগীয়া হ'ল বিধায়কজন ।
মাত্ৰ কেইদিনমান পূৰ্বে যোৱা ২৪ নৱেম্বৰত এ আই ইউ ডি এফে দলটোৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰকো একেই দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফে এসপ্তাহৰ ভিতৰতে দুজনকৈ বিধায়কক দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত নিলম্বিত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক: মঙহৰ ৰাজনীতি ! সাংসদ ৰকিবুলক তুলাধুনা বিজেপিৰ দুই ইছলামধৰ্মী নেতাৰ