অসম

assam

ETV Bharat / politics

সুৰা নীতি কেলেংকাৰীৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা চিবিআইৰ - DELHI LIQUOR SCAM CASE

Arvind Kejriwal Case Update: দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালক বুধবাৰে হাজিৰ কৰোৱা হ’ব আদালতত ৷ আদালতত হাজিৰ হোৱাৰ সময়তে আনুষ্ঠানিকভাৱে চিবিআয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক । পঢ়ক বিতং খবৰ ...

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:08 AM IST

DELHI LIQUOR SCAM CASE
কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা চিবিআইৰ (Etv Bharat)

নেশ্যনেল ডেস্ক, 26 জুন:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বুধবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক জেৰা চলোৱাৰ সমান্তৰালকৈ লিপিবদ্ধ কৰা হৈছিল ভাষ্য ৷ পূৰ্বে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক । সম্প্ৰতি তিহাৰ কাৰাগাৰৰ আলহী হৈ আছে কেজৰিৱাল ৷

লগতে পঢ়ক:সাময়িক সকাহ : মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল - Kejriwal get Interim bail

মঙলবাৰে নিশা কেজৰিৱালক চিবিআয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছিল । কিন্তু মঙলবাৰে চিবিআয়ে মাথো জেৰাহে চলাইছিল কেজৰিৱালক ৷ উল্লেখ্য যে, 2022 চনৰ আগষ্টত দিল্লী সুৰা নীতিৰ গোচৰৰ অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰিছিল চিবিআই আৰু ইডিয়ে । এই গোচৰৰ সন্দৰ্ভত ইডিয়ে চলিত বছৰৰে 21 মাৰ্চত কেজৰিৱালক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে । গ্ৰেপ্তাৰৰ পিছতে ১ এপ্ৰিলত কেজৰিৱালক পঠোৱা হৈছিল তিহাৰ কাৰাগাৰলৈ ৷

লোকসভা নিৰ্বাচনৰ সময়ত 21 দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন:

উচ্চতম ন্যায়ালয়ে 10 মে’ত কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণৰ অৰ্থে প্ৰদান কৰিছিল 21 দিনৰ অন্তৱৰ্তীকালীন জামিন ৷ একেদিনাই কাৰাগাৰৰ পৰা সাময়িকভাৱে মুকলি আকাশৰ তললৈ অহা কেজৰিৱালে 1 জুনলৈকে প্ৰচাৰ চলায় ৷ পুনৰায় তেওঁ 2 জুনৰ সন্ধিয়া 5 বজাত তিহাৰ কাৰাগাৰত উপস্থিত হয় ৷ বৰ্তমানলৈকে তিহাৰ কাৰাগাৰতে আৱদ্ধ হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক:কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

কেজৰিৱালৰ ওপৰত এয়া অভিযোগ:

ইডি আৰু চিবিআয়ে কেজৰিৱাল আৰু আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত 100 কোটি টকাৰ উৎকোচ গ্ৰহণ কৰা বুলি উত্থাপন কৰিছে অভিযোগ । 2022 চনত গোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টীয়ে কেলেংকাৰীৰ এই ধনৰ এটা অংশ ব্যৱহাৰ কৰিছিল । কেজৰিৱালৰ জৰিয়তে আম আদমী পাৰ্টীয়ে এনেদৰে ধনৰ লেনদেনৰ অপৰাধ সংঘটিত কৰিছিল ।

লগতে পঢ়ক:পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ পুনৰ কাৰাগাৰলৈ উভতিল কেজৰিৱাল - Arvind Kejriwal Return Tihar Jail

ABOUT THE AUTHOR

...view details