বঙাইগাঁও, ৭ আগষ্ট :বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে কংগ্ৰেছ দল । কংগ্ৰেছ দলৰ প্ৰভাৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথে আৰু কংগ্ৰেছ দলৰ উপ-নিৰ্বাচন পৰ্যবেক্ষণ সমিতিৰ উপস্থিতিত বুধবাৰে এখন কৰ্মীসভা অনুষ্ঠিত কৰা হয় বঙাইগাঁৱৰ ৰাজীৱ ভৱনত ৷
উপ-নিৰ্বাচন সন্দৰ্ভত বিভিন্ন আলোচনা কৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত উপ-নিৰ্বাচন পৰ্যবেক্ষণ দলে বঙাইগাঁও জিলা কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ কৰ্মীসকলৰ লগতে জিলা পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ সভাৰ অন্তত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথেই সংবাদ মাধ্যমক সম্বোধন কৰে ৷
গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয়, ‘‘ দুঘন্টাৰ বাবে বৰষুণ দিওতেই চাৰিঘণ্টাৰ বাবে গুৱাহাটী স্তব্ধ হৈ গ’ল ৷ এনেকুৱা ধৰণৰ বিকাশ কৰিছে আপোনালোকৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ৷ তেওঁৰ সকলো মিছাকথা আৰু নকল বিকাশত জনতাই অশান্তি পাইছে ৷ ইয়াৰ প্ৰতিক্ৰিয়া আগন্তুক বঙাইগাঁৱৰ নিৰ্বাচনত দেখা পাব ৷’’