অসম

assam

ETV Bharat / politics

দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors - MP GAURAV GOGOI ON EVM ERRORS

EVM Errors : দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগৰ পৰা তথ্য বিচাৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ চাওক সবিশেষ খবৰ ...

MP GAURAV GOGOI ON EVM ERRORS
ইভিএম বিতৰ্কত সৰৱ সাংসদ গৌৰৱ গগৈ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 8:47 PM IST

গুৱাহাটী, ১৭ জুন: বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ ভোটযুদ্ধ শেষ হ’ল যদিও এতিয়াও শেষ হোৱা নাই ই ভি এম বিতৰ্ক ৷ বৰঞ্চ ই ভি এমক লৈ আৰম্ভ হৈছে নতুন বিতৰ্কৰ ।

দেশৰ ভিতৰতে এজন অগ্ৰণী সুদক্ষ যুৱ সাংসদৰূপে পৰিচিত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও ই ভি এমৰ গ্ৰহণযোগ্যতাক লৈ উত্থাপন কৰিছে কিছু প্ৰশ্ন । কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন তুলি নিৰ্বাচন আয়োগৰ পৰা বিচাৰিছে সঠিক উত্তৰ ।

লগতে পঢ়ক:Congress red flags EC's remote EVMs: দূৰৱৰ্তী ইভিএমক লৈ নিৰ্বাচন আয়োগক কংগ্ৰেছৰ প্ৰশ্ন

ইলেক্ট্ৰনিক ভোটিং মেচিনক সঠিক বুলি গণ্য কৰাৰ আগতে ভাৰতৰ নিৰ্বাচন আয়োগে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত কিমানটা ইলেক্ট্ৰনিক ভোটিং মেচিনত ত্ৰুটি পোৱা গ’ল, তাৰ তথ্য প্ৰকাশ কৰাৰ বাবে নিৰ্বাচনী আয়োগলৈ আহ্বান জনাইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷

উল্লেখ্য যে, বিশ্বৰ আগশাৰীৰ ব্যৱসায়ী, টেছলা-স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী ইলন মাস্কে দেওবাৰে ই ভি এমক লৈ “অতি শীঘ্ৰেই আমি ইলেকট্ৰনিক ভোটিং মেচিন বাতিল কৰা উচিত কাৰণ মানুহ বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ই ভি এম হেক কৰিব পাৰি” বুলি কৰা মন্তব্যৰ পিচতে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰসংগত ভাৰতত লাগিছে তোলপাৰ ৷

লগতে পঢ়ক:এলিমিনেট ই ভি এম : এক্সত ৰাজীৱ চন্দ্ৰশেখৰ বনাম ইলন মাস্ক; ব্লেক বক্স আখ্যা ৰাহুল গান্ধীৰ - EVM HACKING CONTROVERSY

ভাৰততো দীৰ্ঘদিন ধৰি বিৰোধীয়ে ই ভি এমৰ বিৰুদ্ধে অৱতাৰণা কৰি আহিছিল প্ৰশ্নৰ । এই সন্দেহৰ প্ৰশ্নত ইলন মাস্কে যেন ভাৰতত ই ভি এমৰ বিৰুদ্ধে জ্বলি থকা জুইকুৰাত ঘিঁউহে ঢালিলে ।

সামাজিক মাধ্যম এক্সৰ জৰিয়তে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কিমান মেচিনত ভুল সময়, তাৰিখ আৰু ভোটৰ পঞ্জীয়ন দেখুৱাইছিল, তাৰ উত্তৰ দিবলৈ দেশৰ নিৰ্বাচনী আয়োগক আহ্বান জনাইছে ৷

লগতে কিমান ই ভি এমৰ অংশ সলনি কৰা হৈছিল, মক প’লৰ সময়ত কিমানটা ই ভি এমত ত্ৰুটি পোৱা গৈছিল, তাৰো তথ্য বিচাৰে যুৱ সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক:ম’ক প’ল নে অন্য কিবা- স্পষ্ট কৰিলে কৰিমগঞ্জৰ নিৰ্বাচন আয়ুক্তই - ELECTRONIC VOTING MACHINE

তদুপৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতাৰে পুষ্ট, আত্মবিশ্বাসী গৌৰৱ গগৈয়ে দাবী কৰিছে- "নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মই নিশ্চিতভাৱে ক'ব পাৰো যে এই মেচিনবোৰে ভুল ফলাফল দেখুৱাইছে । আশা কৰো নিৰ্বাচন আয়োগে ওপৰৰ তথ্যখিনি উলিয়াই দিব, কাৰণ জনসাধাৰণে ইয়াক জনাৰ অধিকাৰ আছে ।"

পিছে আয়োগে সাংসদগৰাকীৰ এনে প্ৰশ্নৰ প্ৰতি কেনেধৰণে সঁহাৰি জনাই, সেয়া সময়ত হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:ভোটদানৰ সময়ত ই ভি এমৰ বিজুতি ঘটিলে বা ভোটাৰে এটা ভুল বুটাম টিপিলে কি হ'ব ? - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details