ধেমাজি:শনিবাৰে নিশা ধেমাজি কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত উপস্থিত হয় ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন । ৰকিবুল হুছেইন ৱেলকাম, কংগ্ৰেছ জিন্দাবাদ আদি শ্ল'গানেৰে নিশা কংগ্ৰেছ কাৰ্যালয় মুখৰিত হৈ পৰে । ইয়াৰ পিছতেই ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় ইন্দিৰা ভৱনত জিলা সমিতিৰ সভাপতি ভাস্কৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে বিজেপিক তীব্ৰ কটাক্ষ কৰে ।
সাংসদ হুছেইনে কয়, ‘‘বিজেপি চৰকাৰৰ কাম-কাজত ৰাইজ দিনক দিনে অতিষ্ঠ হৈছে । সকলো দিশৰ পৰা চৰকাৰখনে ৰাইজক টেটু চেপি ধৰিছে । কংগ্ৰেছৰ মুখলৈ আশাৰে চাইছে । পূৰ্বৰ অসম গণ পৰিষদৰ অপশাসনৰ সময়চোৱাত অসমবাসীয়ে যিদৰে কংগ্ৰেছক লৈ সপোন দেখিছিল তেনেদৰে বৰ্তমান কংগ্ৰেছৰ শাসনলৈ অপেক্ষা কৰিছে সৰ্বসাধাৰণ ৰাইজে ।’’
প্ৰায় দুই শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত তেওঁ কয়, “সমস্যাৰে আগুৰি ধৰিছে সকলোকে । চৰকাৰলৈ অহাৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল । সেয়া শাসনলৈ অহাৰ পিছত পিঠি দিলে বিজেপিয়ে । চাহ জনগোষ্ঠীক হাজিৰাৰ মূল্য বৃদ্ধি কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল, সেয়াও নকৰিলে । ছয় জনগোষ্ঠীক এচ টি কৰাম বুলি কৈছিল । কিন্তু দিন বাগৰি গ'ল । প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ।’’