অসম

assam

ETV Bharat / politics

অসমখনক চোৰ-ডকাইতৰ ৰম্যভূমি নকৰিব: মুখ্যমন্ত্রীক সকীয়নি মীৰা বৰঠাকুৰ গোস্বামীৰ

New Transport Tax: "মুখ্যমন্ত্রী মহোদয়, বহুত চালাক আপুনি ।... একেলগে ১৫ বছৰৰ কৰৰ বোজা জাপি দিছে ...।" মীৰা বৰঠাকুৰ গোস্বামী ।

By ETV Bharat Assamese Team

Published : 5 hours ago

New Transport Tax
মুখ্যমন্ত্রীক উদ্দেশ্যি মীৰা বৰঠাকুৰ গোস্বামীৰ সকীয়নি (ETV Bharat Assam)

গুৱাহাটী, ১৭ অক্টোবৰ : "গাড়ীৰ ব্যৱসায়েৰে বিশেষকৈ গাড়ী চলাই পৰিয়াল পোহপাল দিয়াসকলৰ কি হ'ব ?" এই প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে । ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ নতুন এছ অ' পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

এই সন্দৰ্ভত কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়, "বৰ্তমান চৰকাৰে প্ৰাইভেট গাড়ীৰ দৰে কমাৰ্চিয়েল গাড়ীতো ১৫ বছৰৰ বাবে একেলগে টেক্স লোৱাৰ ব্যৱস্থা কৰিলে । আগতে কমাৰ্চিয়েল গাড়ীৰ তিনি মাহৰ মূৰে মূৰে টেক্স দিয়াৰ ব্যৱস্থা আছিল । যিটো ব্যৱস্থা গাড়ীৰ ব্যৱসায় কৰাসকলৰ বাবে গ্ৰহণযোগ্য আছিল । কিন্তু সেই ব্যৱস্থাৰ বিপৰীতে এতিয়া ১৫ বছৰৰ বাবে টেক্স লোৱাৰ ব্যৱস্থা চৰকাৰে কৰিছে । এনে অৱস্থাত অসমীয়া যুৱকসকলে কৰিব কি ।"

মুখ্যমন্ত্রীক উদ্দেশ্যি মীৰা বৰঠাকুৰ গোস্বামীৰ সকীয়নি (ETV Bharat Assam)

টেক্সিচালকসকলৰ সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয়, "বৰ্তমান সময়ত টেক্সিচালকসকল যথেষ্ট মানসিক হেঁচাত আছে । তেওঁলোকে গাড়ীৰ ই এম আই দিলে ঘৰভাৰা দিবলৈ নহয় আৰু ঘৰভাৰা দিলে ই এম আই লেপছ হয় । এই লোকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই ।"

কংগ্ৰেছ নেত্রীগৰাকীয়ে লগতে কয়, "আমি কেইদিনমানৰ আগতে শুনিছিলোঁ যে কোনোবা এগৰাকী অতি হঠাতে নিজকে ব্যৱসায়ী বনাব বিচৰা মহিলাই ২০০ খন ইন'ভা গাড়ী বুক কৰিছে । আমাৰ অসমীয়া যুৱকে যাতে ইন'ভা গাড়ীৰ ব্যৱসায়টো দখল কৰিব নোৱাৰে তাৰ বাবে এনে কৰা হৈছে । এইবোৰ চৰকাৰী পইচা, ৰাইজৰ পইচা । গতিকে তেওঁলোকৰ বাবে একেলগে ১৫ বছৰৰ বাবে টেক্স দিয়াটো কোনো ডাঙৰ কথা নহয় । কিন্তু আমাৰ এজন যুৱকৰ বাবে একেলগে ১৫ বছৰৰ বাবে টেক্স দিয়াটো অসহনীয় । অসমীয়া যুৱকক পেটে-ভাতে মৰাৰ গভীৰ ষড়যন্ত্রত লিপ্ত হোৱাটো হতাশাজনক কথা ।"

চৰকাৰী সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়, "এখন কমাৰ্চিয়েল গাড়ীৰ পাৰ্মিট ভেল্যু থাকে ৯ বছৰ । ৯ বছৰ চলোৱাৰ পাচত গাড়ীখনৰ অৱস্থা বেয়া হৈ যায় । বৰ্তমান বহু গাড়ী বুক হৈ আছে আৰু যিবিলাক গাড়ীৰ ডাউন পেমেণ্ট দিয়া হৈছে । ডাউন পেমেণ্ট দিয়াৰ পাচত লোন ছেংচন হৈ আছে যদিও পঞ্জীয়ন মাচুলৰ বাবদ দিবলগা বৃহৎ পৰিমাণৰ ধন দিব নোৱৰা বাবেই ডীলাৰৰ পৰা গাড়ীসমূহ নিব পৰা নাই । ২২ লাখ টকীয়া গাড়ীৰ পঞ্জীয়ন মাচুল প্ৰায় ২.৪০ লাখ টকা । ইয়াৰ ফলত অসমৰ দুটা ক্ষতি হ'ব । এটা হৈছে যুৱপ্ৰজন্মৰ বাবে ব্যৱসায়টো স্তব্ধ হৈ পৰিব । আনহাতে, গাড়ীৰ ব্যৱসায়ীসকলে উপাই নাপালে গাড়ীৰ পঞ্জীয়ন চুবুৰীয়া ৰাজ্যত কৰিব ।"

কংগ্ৰেছ নেত্রীগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয়, "মুখ্যমন্ত্রী মহোদয়, বহুত চালাক আপুনি । চাকৰি দিব পৰা নাই, কিবা ব্যৱসায় দিব পৰা নাই । ইয়াৰ বিপৰীতে ডিঙিলৈকে বোজা লৈ ব্যৱসায় কৰাসকলৰ ওপৰত একেলগে ১৫ বছৰৰ কৰৰ বোজা জাপি দিছে । ইফালে ন' পাৰ্কিঙৰ নামত ফাইন, গ্ৰীণ টেক্স বুলি ফাইন, পাৰ্মিটৰ ফাইন আদি আছেই । তাৰ পিছতো আপুনি অসমীয়া যুৱকৰ ডিঙি চেপিব বিচাৰিছে । পাপে বাপকো নেৰে । মই এটা কথা ক'লো যে অসমখনক চোৰ-ডকাইতৰ ৰম্যভূমি নকৰিব । যুৱক-যুৱতীৰ হাতত ব্যৱসায় তথা সংস্থাপন নাথাকিলে চুৰি-ডকাইতি বৃদ্ধি পাব । মুখ্যমন্ত্রীক সকীয়াই দিছোঁ আপুনি ৰাজধৰ্ম পালন কৰক, টেক্সৰ ওপৰত টেক্স লোৱা বন্ধ কৰক ।"

লগতে পঢ়ক :'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
লগতে পঢ়ক :ভয়-ভাবুকিৰে ৰাইজৰ সিদ্ধান্তক পৰিৱৰ্তন কৰিব বিচাৰিছে কোনে ? ভূপেন বৰাৰ ব্যাখ্যা

ABOUT THE AUTHOR

...view details