অসম

assam

ETV Bharat / politics

বিজেপি চৰকাৰৰ দিনত বন্ধুৰাষ্ট্ৰৰ সৈতেও সম্পৰ্ক বেয়া হৈছে : জীতেন্দ্ৰ সিং - AICC GS Jitendra Singh - AICC GS JITENDRA SINGH

Jitendra Singh in Guwahati : বন্ধুৰাষ্ট্ৰৰ সৈতে বিজেপি চৰকাৰৰ দিনত সম্পৰ্ক বেয়া হোৱাৰ অভিযোগ জীতেন্দ্ৰ সিঙৰ ৷ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱ ভাৰতত পৰাৰ সম্ভাৱনা ব্যক্ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ ৷

Jitendra Singh in Guwahati
গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদৰ জীতেন্দৰ সিং (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 5:33 PM IST

গুৱাহাটী, ১০ আগষ্ট : দুটাকৈ সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে শনিবাৰে গুৱাহাটীত উপস্থিত হ’ল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ৷ বৰঝাৰ বিমান বন্দৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীক আদৰণি জনাই ভূপেন বৰা, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ আদিয়ে ৷ ইয়াৰ পিচতে জীতেন্দ্ৰ সিং মুখামুখি হয় সংবাদ মাধ্যমৰ সৈতে ৷

গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদৰ জীতেন্দৰ সিং (ETV Bharat Assam)

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতাসকলক পুনৰ কংগ্ৰেছলৈ ওভতাই অনা প্ৰসংগত মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ এই বিষয়ত প্ৰদেশ কংগ্ৰেছক সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে ৷ স্বতন্ত্ৰভাৱে অসম কংগ্ৰেছে সিদ্ধান্ত ল’ব পাৰে আৰু সেই সিদ্ধান্তই হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত ৷ অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে দুৱাৰ বন্ধ থাকিব ৷’’

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত জীতেন্দ্ৰ সিঙে কয়, ‘‘ অসম, উত্তৰ-পূবৰ সীমান্তৱৰ্তী দেশখনত যি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ প্ৰভাৱ ভাৰততো পৰাৰ সম্ভাৱনা আছে ৷ কেৱল বাংলাদেশেই নহয়; চীন, পাকিস্তান, ভূটান, আফগানিস্তান, শ্ৰীলংকা সকলোৰে ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক নীতি বিফল হৈছে ৷ নেপাল, শ্ৰীলংকা আদি আমাৰ বহু পুৰণি বন্ধুৰাষ্ট্ৰৰ লগতো ভাৰত চৰকাৰৰ সংঘৰ্ষ আৰম্ভ হৈছে ৷ ভৌগোলিকভাৱে ভাৰতক চাৰিওফালৰ পৰা আৱৰি থকা দেশসমূহৰ মাজত ভাৰত অকলশৰীয়া হৈ পৰিছে ৷ এয়া নিশ্চিতভাৱে বিজেপি চৰকাৰৰ বিফলতা ৷’’

অসম ভ্ৰমণৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, ‘‘আগন্তুক উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে দলৰ জ্যেষ্ঠ নেতা, বিধায়ক, সাংসদ সকলোৰে লগত আলোচনা কৰা হ’ব ৷ কাইলৈ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ লগত বৈঠক হ’ব ৷ এইখন চৰকাৰে মাফিয়াৰ দৰে কৰি থকা কামবোৰ কিদৰে পোহৰলৈ আনিব পাৰি, ৰাইজৰ সেৱা আমি কিদৰে কৰিব পাৰিম সেই বিষয়ে কাইলৈ গুৰুত্বপূৰ্ণ সভা আছে ৷’’

লগতে পঢ়ক :বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নীৰৱ কিয় ? ঝাৰখণ্ডত ড৹ শৰ্মাই আঁহ ফালি বুজালে

ABOUT THE AUTHOR

...view details