হোজাই, 8 এপ্ৰিল :লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই তৎপৰতা বঢ়া পৰিলক্ষিত হৈছে ৰাজনৈতিক দলসমূহৰ ৷ হোজাইতো ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সৰ্বস্ব উজাৰি প্ৰচাৰ চলাইছে শাসক-বিৰোধী উভয়ে ৷ দেওবাৰে হোজাইত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
ৰাইজৰ লগত নাচি বাগি মুখ্যমন্ত্ৰীগৰাকীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ । হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ ক্ৰীড়া খেলপথাৰত আয়োজন কৰা হয় এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ সকলোকে সমাগত লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ সকলোকে আহ্বান জনায় ।
কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত জনতাৰ বিপুল সঁহাৰিয়ে বিজেপি প্ৰাৰ্থাগৰাকীৰ বিজয় যে নিশ্চিত তাৰেই ইংগিত বহন কৰা বুলি দাবী কৰে ৷ লগতে এই বিজেপিৰ লহৰ চুনামিলৈ পৰ্যবসিত হ’ব পাৰে বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷