গুৱাহাটী, 5 মে’ :প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিশাল ৰোড শ্ব'ৰে গুৱাহাটী মহানগৰীত শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে । 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত ৰাজীৱ ভৱনৰ পৰা ওলোৱা হয় দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ উলিওৱা হয় এই বিশাল ৰেলী ।
মীৰা বৰঠাকুৰ গোস্বামীয়ে হাতত ভাৰতীয় সংবিধানখন লৈ অংশগ্ৰহণ কৰে এই ৰোড শ্ব'ত ৷ প্ৰাৰ্থীগৰাকীক এই ৰেলীত সংগ দিয়ে কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি দলীয় তথা বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই ৷
ৰেলীৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, "প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহিছে । বৰষুণত তিতি তিতি হ’লেও আজি ইমান ৰাইজে ৰেলীত অংশ লৈছে ৷ এয়াই প্ৰমাণ কৰে যে, ৰাইজে এইবাৰ সংবিধানক সুৰক্ষা প্ৰদান কৰিব ৷ ৰাইজে সংবিধানৰ স্বাৰ্থত ভোট দিব ৷ মোৰ বিশ্বাস বাঢ়িছে যে মই ৭ তাৰিখে জয়ী হ'ব পাৰিম"।