মুকলি হ’ল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী গীত যোৰহাট, 27 মাৰ্চ:সমাগত লোকসভা নিৰ্বাচন ৷ প্ৰতিটো ৰাজনৈতিক দল-নেতাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ যোৰহাট 14 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে বুধবাৰে জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত দেশৰ/ৰাজ্যৰ বিভিন্ন সমস্যা সম্বলিত এক নিৰ্বাচনী গীত মুকলি কৰে ।
ইয়াৰ পাচতে কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে ‘কা’ খনক নিৰ্বাচনকেন্দ্ৰিক বুলি উল্লেখ কৰি কয়," ‘কা’ ৰ জৰিয়তে অসমৰ জলন্ত সমস্যাবোৰক গুৰুত্বহীন কৰি তোলাৰ লগতে অসমৰ স্বাভিমানক বিক্ৰী কৰি দিয়া হৈছে । আনহাতে, অসমত জন্ম হোৱা বাঙালী লোকসকল অসমৰ নাগৰিকপঞ্জীখনত নাম অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিছে ৷ অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰা ’কা‘ ৰ বিৰুদ্ধে মই পিতৃৰ পদাংক অনুসৰণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো ৷
সমান্তৰালভাবে, নিৰ্বাচনী বণ্ড দেশৰ আটাইতকৈ সৰ্ববৃহৎ কেলেংকাৰী বুলি কয় গগৈয়ে । ইয়াৰোপৰি, আজি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে আলোচনাত মিলিত হয় । লগতে, তেওঁলোকৰ যিবোৰ মূল সমস্যা সেই সমস্যাবোৰ বলিষ্ঠভাবে সংসদত উত্থাপন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।
উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা গৌৰৱ গগৈৰ প্ৰতিদ্বন্ধী তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ইতিমধ্যে শাসকীয় পক্ষই যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । নিৰ্বাচনী গীত মুকলি অনুষ্ঠানটোত কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদ উপস্থিত থাকে ৷ অনুষ্ঠানটোত উপস্থিত আটাইকে আহমেদে যোৰহাট 14 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক:সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি- ব্যাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে - Leaders Resigning Congress