মিৰ্জা, 29 এপ্ৰিল :"ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীলৈ আহিছে আমি আদৰণি জনাইছো ৷ তেখেতে তেওঁৰ দলৰ কাৰণে আহিছে ৷ তেওঁ তেওঁলোকৰ কাম কৰিব ৷ আমাৰ দলে আমাৰ কাম কৰিব ৷ কিন্তু মই আপোনালোকৰ জৰিয়তে অমিত শ্বাহক মনত পেলাই দিবলৈ বিচাৰিছো যে, তেওঁ যি আধুনিক প্ৰচেষ্টাৰে তালাব খান্দি বানপানীৰ সমস্যা নোহোৱা কৰিম বুলি কৈছিল, সেইবোৰ ক’ত খান্দিলে আমাক দেখুৱাই থৈ যাওক ৷ অসমত যি টুইন টাৱাৰ বনোৱা হৈছিল সেয়া ক’ত বনোৱা হ’ল আমাক দেখুৱাই গ’লে ভাল পাম ৷" ৰহস্যজনকভাৱে মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মাতৃক লগত লৈ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰে সোমবাৰে কামৰূপ গ্ৰাম্যৰ ছয়গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
লগতে বৰঠাকুৰে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক উদ্দেশ্যি কয় যে, তেওঁ ৰাজনৈতিক জীৱনত কেতিয়াও কাকো কটাক্ষ কৰা নাই, ভৱিষ্যতেও নকৰে । মই মোৰ প্ৰতিপক্ষক কেতিয়াও বেয়াকৈ নকও ৷