নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী :বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিক লৈ দেশজুৰি ব্যাপক চৰ্চা চলিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ বৃহৎ ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে । যাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা চলি আছে । তাৰ মাজতে শাসনাধিষ্ঠিত মহাজোঁটৰ অংশীদাৰ আৰজেডিয়ে দেওবাৰে ৰাজ্যখনৰ আগশাৰীৰ বাতৰি কাকতসমূহত এক সম্পূৰ্ণ পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপনৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে । জনতা দল (ইউনাইটেড)ৰ সৰ্বোচ্চ নেতাৰ পৰিৱৰ্তে উপ মুখ্যমন্ত্ৰী তেজস্বীক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত প্ৰক্ষেপ কৰিছে ।
কেৱল তেজস্বীৰ এক বিশাল ফটো থকা সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত আৰজেডিয়ে উপ মুখ্যমন্ত্ৰীক ৪ লাখতকৈও অধিক চৰকাৰী চাকৰি দিয়াৰ পৰা ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰালৈকে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
নীতিশে বিজেপি নেতৃত্বাধীন এন ডি এ-ৰ সৈতে পুনৰ যোগদান কৰিব বুলি এক গভীৰ জল্পনা-কল্পনাৰ মাজতে এই বিজ্ঞাপনটো দেখা গৈছে । ৰাজ্যখনত দ্ৰুত পৰিৱৰ্তনশীল ৰাজনৈতিক ঘটনাবোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি প্ৰধান লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যৰ এটা সামাজিক মাধ্যমৰ পোষ্টৰ পৰাই আৰম্ভ হৈছিল । য'ত তেওঁ জেডি(ইউ)ৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছিল ।